Breaking

এনে ঘটনাও ঘটে! বেয়াকৈ চুলি কটাৰ বাবে নাপিতৰে চুলি খুৰাই দিলে এজন লোকে…

0 35

পৃথিৱীত নানান ধৰণৰ ঘটনাই ঘটি থাকে৷ এইবাৰ বেয়াকৈ চুলি কটাৰ বাবে নাপিতৰে চুলি খুৰাই দিলে এজন লোকে৷ থাইলেণ্ডৰ পাট্টায়াত ঘটিছে এই ঘটনা৷ এজন লোকে চুলি কটোৱাবলৈ নাপিতৰ দোকানলৈ গৈছিল। কিন্তু লোকজনৰ চুলি নাপিতে বেয়াকৈ কটা বুলি লোকজনে অভিযোগ কৰিবলৈ ধৰে। খঙতে লোকজনে নাপিতজনৰে মুণ্ডন কৰি দিয়ে। এই ঘটনাই এতিয়া থাইলেণ্ডবাসীক বেছ আমোদৰ খোৰাক যোগাইছে। এক কথাত ক’বলৈ গ’লে কেতিয়াবা নাপিতেও ভুল কৰে। ফলত চুলি কটোৱাবলৈ যোৱাজনৰ চুলিৰ ষ্টাইল নষ্ট হয়। এনে ঘটনাত সাধাৰণতে মানুহে তেনে ঘটনাক উপেক্ষা কৰি ঘৰলৈ উভতি আহে, কিন্তু থাইলেণ্ডত চলু কটোৱাবলৈ যোৱা লোকজনে তেনে নকৰিলে। ৰাছিয়াৰ এজন লোকে থাইলেণ্ডলৈ ফুৰিবলৈ গৈছিল।

আৰু এই সময়ছোৱাত তেওঁ স্থানীয় নাপিতৰ এজনৰ ওচৰলৈ চুলি কটোৱাবলৈ গৈছিল। কিন্তু তেওঁ নাপিতৰ চুলি কটাত সুখী নাছিল, সেয়ে তেওঁৰ খং উঠিছিল। তাৰ পিছতে তেওঁ খঙৰ ভমকত নাপিজনৰে মুণ্ডন কৰি দিয়ে। এই অদ্ভুত ঘটনাটো কেমেৰাত ধৰা পৰিছে। ঘটনাটোৰ দৃশ্য থাইলেণ্ডৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বাতৰি অনুসৰি নাপিতে জনে লোকজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।

Leave A Reply