Breaking

‘এয়া ১৯৪৩ চনৰ ইজৰাইল নহয়, আমি শত্ৰুক নিঃশেষ কৰিম’ – ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী

0 59

ইজৰাইল হামাছ যুদ্ধ- হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ইজৰাইলে শত্ৰুক জাৰি কৰিছে সতৰ্কবাণী। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে আমাক ১৯৪৩ চনৰ ইহুদী দেশ বুলি গণ্য কৰি ভুল নকৰিব। এতিয়া আমাৰ সামৰ্থ্য বহুত বেলেগ। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে হামাছক সকীয়াই দিছে।

৭ অক্টোবৰত ইজৰাইলৰ ওপৰত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ ক্ষোভ প্ৰকাশ হৈছে। হামাছ সন্ত্ৰাসবাদী সংগঠনটোক কঠোৰ সতৰ্কবাণী দি ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে বৃহস্পতিবাৰে কয় যে এইটো ১৯৪৩ চন নহয়, ২০২৩ চন। আমি এতিয়াও আগৰ দৰেই ইহুদী, কিন্তু এতিয়া আমাৰ সামৰ্থ্য বেলেগ।


Leave A Reply