Breaking

এইবাৰ ভাৰতীয় নাগৰিকত্ব বিচাৰিলে ৭ হেজাৰ পাকিস্তানীয়ে

0 2,097

ভাৰতত নাগৰিকত্ব সংশোধনী আইনৰ বিধি বলবৎ হোৱাই নাই৷ তৎসত্ত্বেও ভাৰতৰ নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ তাৰ ভিতৰত ৭ হাজাৰতকৈয়ো অধিক পাকিস্তানী নাগৰিকে ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবৰ বাবে অপেক্ষা কৰি আছে৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী৷ এইসকল আৱেদনকাৰীৰ ভিতৰত ৭,৩০৬ গৰাকী পাকিস্তানৰ নাগৰিক৷

গৃহ-মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি ভাৰতীয় নাগৰিকত্বৰ বাবে বাকী থকা প্ৰায় ৭০ শতাংশ আৱেদন পাকিস্তানীসকলৰ। বুধবাৰে সাংসদ আব্দুল ৱাহাবে সোধা তেওঁলোকৰ বৰ্তমানৰ নাগৰিকত্বৰ তথ্যসহ ভাৰতীয় নাগৰিকত্বৰ বাবে বৰ্তমানৰ আৱেদনকাৰীসকলৰ বিৱৰণৰ উত্তৰত গৃহ-ৰাজ্যিক মন্ত্ৰী ৰায়ে এই তথ্য সদৰী কৰে৷

আফগানিস্তানৰ পৰা ১,১৫২খন আৱেদন আহিছিল, তাৰ পাছত শৰণাৰ্থীৰ পৰা ৪২৮খন, শ্ৰীলংকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২২৩খন, নেপালৰ পৰা ১৮৯খন আৰু বাংলাদেশৰ পৰা ১৬১খন আৱেদন কেন্দ্ৰীয় চৰকাৰে লাভ কৰিছে৷ চীনৰ পৰা ১০গৰাকী আৱেদনকাৰীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছে৷ ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ ক্ষমতা গৃহ-মন্ত্ৰণালয়ৰ ওচৰত আছে, যিয়ে বিতং প্ৰমাণীকৰণ আৰু পৰীক্ষাৰ পাছত আৱেদনখন অনুমোদন কৰে।

Leave A Reply