Breaking

এইবাৰ আপে প্ৰৱেশ কৰিব কাৰ্বি পাহাৰৰ ৰাজনীতিত …

0 2,084

ঘোষণা কৰা হ’ল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন। মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ’ব স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচন। ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভত সংবাদ মেল আয়োজন কৰি সবিশেষ প্ৰকাশ কৰিছে।পৰিষদখনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ২৩ মে’। ২৬ মে’ত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। পৰিষদখনৰ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে এতিয়া ৰাজনৈতি দলসমূহৰ মাজত নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে।

এইবাৰ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন হ’ব পাৰে আকৰ্ষণীয়। কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব আম আদমী পাৰ্টীয়ে। জি এম চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই দলটোৱে ব্যাপক হাৰত জনতাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল আপে। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদখনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি আপ অসমৰ সমন্বয়ক ৰাজীৱ শইকীয়াই কয় যে, পৰিষদখনৰ আটাইকেইখন আসনতে আপে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইফালে অসমলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল শীঘ্ৰেই আহিব বুলি উল্লেখ কৰি তেওঁ কয় এই বিষয়ে অৱশ্যে এতিয়াও তাৰিখ নিৰ্ধাৰিত হোৱা নাই।

Leave A Reply