Breaking

অসমত এইবাৰ মন্ত্ৰী আৰু আলফাৰ মাজত সংঘাত…

0 2,046

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অপৰাধত শাস্তিৰ সন্মুখীন হোৱা দুই অসমীয়া যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা বিজু গগৈৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শুকুৰবাৰে সংগঠনটোৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী গৰাকীৰ মতে আলফা স্বাধীনৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা এজন মিছলীয়া ব্যক্তি। পৰেশ বৰুৱাই বহুবাৰ অসমৰ ৰাইজক মিছা কথা কৈ আহিছে। কেৱল এয়াই নহয়, পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈছে বুলিও অভিযোগ উত্থাপন কৰিছে বিজেপি মন্ত্ৰী গৰাকীয়ে। শুকুৰবাৰে নগাঁৱৰ মন্টেশ্বৰী শিশু আৰু প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আলফাৰ বিৰুদ্ধে এইদৰে একাধিক বিস্ফোৰক মন্তব্য কৰিলে সঞ্জয় কিষাণে। মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে। প্ৰাগ নিউজ ডিজিটেললৈ এক ইমেইল বাৰ্তা প্ৰেৰণ কৰি সংগঠনটোৱে মন্ত্ৰী গৰাকীক ২৪ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছ।

সংগঠনটোৱে উল্লেখ কৰা অনুসৰি তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষানে কোনো ধৰণৰ সত্য-সত্যতা বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপ্ৰলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ বিৰুদ্ধে ‘মিছলীয়া’ শব্দৰ প্ৰয়োগেৰে অপমান সূচক মন্তব্য কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰাৰ কথাও উল্লেখ কৰিছে আলফা স্বাধীনে। সেয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আলফাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অন্যথা সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আলফাই নিষিদ্ধ ঘোষণা কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষানৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্য্যৱলীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আলফাই বিবৃতিৰ যোগে আহ্বান জনোৱা দেখা গৈছে ।

আলফাৰ এই চৰম পত্ৰৰ পাছত এতিয়ালৈ মন্ত্ৰী গৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা নাই। মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মেজলৈ আলফা স্বাধীনক আনিবলৈ চলাই থকা নিৰন্তৰ প্ৰচেষ্টাৰ মাজতে তেওঁৰেই মন্ত্ৰীসভাৰ সদস্যই আলফাৰ সৈতে এনে মুকলি সংঘাটত লিপ্ত হোৱাটোৱে এতিয়া বিশেষ তাত্পৰ্য বহন কৰিছে। আলফাৰ এনে মুকলি হুংকাৰৰ পাছত এতিয়া ৰাজ্যৰ গৃহ বিভাগে কি ভূমিকা গ্ৰহণ কৰে বা মন্ত্ৰী গৰাকীয়ে কি স্থিতি লয় তাৰ বাবে সকলোৱে উত্কণ্ঠাৰে বাট চাই আছে। সেয়া যিয়েই নহওক, অসমৰ ৰাইজে পুনৰ ৰক্তপাতৰ এখন ভাতৃঘাটী যুদ্ধ চাব বিচৰা নাই। মুখ্যমন্ত্ৰীৰ শান্তি আলোচনাৰ আহ্বান আৰু ইয়াৰ প্ৰতি আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ সঁহাৰিয়ে সাধাৰণ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু শেহতীয়া এনে ঘটনাৰাজিয়ে শান্তিকামী ৰাইজৰ মনত পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে যে অসম আকৌ অশান্ত হোৱাৰ পথত নেকি?

Leave A Reply