এইবাৰ লাভলীনাৰ লক্ষ্য পেৰিছ অলিম্পিক

টকিঅ’ অলিম্পিকত মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা লৌহকন্যা লাভলীনাৰ এইবাৰ লক্ষ্য পেৰিছ অলিম্পিক।পুনৰ বক্সিঙৰ ৰিঙত নামিব লাভলীনা।অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে। ঘৰ এৰি অনুশীলনস্থলীলৈ ৰাওনা অলিম্পিয়ান লাভলীনা। ঘৰ এৰাৰ পূৰ্বে মাতৃৰ চকুলো দেখি পুনৰ আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই।লাভলীনাই সাৱটি ধৰিলে মাতৃক। সময়তকৈ আগতে গৈ অনুশীলনত যোগদান কৰিব লাভলীনাই। ঘৰ এৰাৰ পূৰ্বে অঞ্চলটোৰ ভালেমান কণকণ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে লাভলীনাই।অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাভলীনাই। লাভলীনালৈ আন্তৰিক শুভেচ্ছা।লাভলীনাই আগন্তুক পেৰিছ অলিম্পিক(২০২৪)ত স্বৰ্ণ অৰ্জনেৰে দেশৰ লগতে অসমৰ নাম বিশ্বত উজলাই তুলিব।

Related Articles