Breaking

এইবাৰ চকলেটৰ ব্যৱসায়তো প্ৰৱেশ কৰিলে মুকেশ আম্বানীয়ে, ক্ৰয় কৰিলে কেইবাটাও পুৰণি জনপ্ৰিয় ব্ৰেণ্ড…

0 37

এইবাৰ চকলেটৰ ব্যৱসায়তো প্ৰৱেশ কৰিলে মুকেশ আম্বানীয়ে, ক্ৰয় কৰিলে কেইবাটাও পুৰণি জনপ্ৰিয় ব্ৰেণ্ড। জিঅ’কে আদি কৰি দেশৰ বহু কেইটা ব্যৱসায়ত প্ৰৱেশ কৰা মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীয়ে এতিয়া বজাৰত চকলেটো বিকিব। চকলেটৰ ব্যৱসায়ত হাত দিয়াৰ বাবেই ৰিলায়েন্স কনজিউমাৰে ২৭ কোটি টকাৰে ৮২ বছৰ পুৰণি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহ ক্ৰয় কৰিছে। চুক্তি অনুসৰি এতিয়া কফি ব্ৰেক আৰু পান পছন্দকে ধৰি ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ জনপ্ৰিয় ব্ৰেণ্ডৰ চকলেটসমূহ আম্বানীৰ কোম্পানীয়ে বিক্ৰী কৰিব। ৰাভালগাঁও চুগাৰ ফাৰ্মে আম মুড, কফি ব্ৰেক, টুটি ফ্ৰুটি, পান পছন্দ, চোকো ক্ৰীম আৰু চুপ্ৰিমৰ দৰে ব্ৰেণ্ডৰ চকলেট বিক্ৰী কৰি আহিছিল কিন্তু এতিয়া ২৭ কোটি টকাৰ বিনিময়ত আম্বানীৰ ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেড (আৰচিপিএল)-এ ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ ব্ৰেণ্ড সমূহৰ ট্ৰেডমাৰ্ক, ৰেচিপি, আদিৰ অধিকাৰ ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰ কনফেক্সনাৰীৰ হৈ হৰ্ষবৰ্ধন ভাৰত দোশী, নিহাল হৰ্ষবৰ্ধন দোশী আৰু লালন অজয় কাপাদিয়ে চুক্তিত স্বাক্ষৰ কৰিছে। উল্লেখ্য আৰচিপিএল হৈছে ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ (আৰআৰভিএল) এটা সহায়ক কোম্পানী।

এই কোম্পানীটো মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ খুচুৰা শাখা। ৰাভালগনে কৈছে যে চুক্তি কৰা হৈছে যদিও ৰাভালগনৰ সম্পত্তি, ভূমি, প্ৰকল্প, ভৱন, সঁজুলি, যন্ত্ৰপাতি আদিআম্বানীয়ে ক্ৰয় কৰা নাই। কেৱল কেইটামান জনপ্ৰিয় ব্ৰেণ্ডহে ক্ৰয় কৰিছে। ৰাভালগাঁও চুগাৰৰ মতে, শেহতীয়া বছৰবোৰত ইয়াৰ মিষ্টান্ন ব্যৱসায় চলাই ৰখাটো কঠিন হৈ পৰিছে।” ইয়াৰ ফলত ৰাভালগনে লোকচানৰো সন্মুখীন হৈছে। কেঁচা মাল, শক্তি আৰু শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ ফলত ইয়াৰ ৰাভালগনৰ লাভ কমি আহিছে। আৰচিপিএলৰ এফএমচিজি শাখাত প্ৰাসংগিক খেলুৱৈ হোৱাৰ উচ্চাকাংক্ষা আছে।

Leave A Reply