Breaking

এইবাৰ অস্ত্ৰধাৰীৰ ৰূপত ধৰ্ষণকাৰী

0 2,015

ধুবুৰীৰ ভোগদহৰ গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি সহ দুজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ এগৰাকী মহিলাৰ। আৰক্ষী থানাত এজাহাৰ দাখিল নিৰ্যাতিত মহিলাৰ। অভিযোগ অনুসৰি কিছুদিন পূৰ্বে ভোগদহৰ গাঁও পঞ্চায়ত এলেকাৰ কলাপাকানী গাঁওৰ এগৰাকী বিবাহিত মহিলাৰ ধৰ্ষণৰ প্ৰস্তাৱ দিছিল এইজন প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে। কিন্তু মহিলা গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে। ইয়াৰ পিছতেই পুণৰ যোৱা ৫ নৱেম্বৰৰ নিশা ভোগদহৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতাউৰ ৰহমানে ধৰ্ষণ কৰে মহিলা গৰাকীক। এনেকি জাইদুল ইছলাম নামৰ আন এজন লোকে মহিলা গৰাকীৰ মূৰত পিষ্টল টুৱাই ভয় ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ নিৰ্যাতিত মহিলাৰ। এ আই ইউ ডি এফ দলৰ প্ৰাক্তন পঞ্চায়ত সভাপতি গৰাকীয়ে বলপূৰ্বক মহিলা গৰাকীক ধৰ্ষণ কৰাৰ বিপৰীতে এই কথা ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ দৰে গুৰুতৰ অভিযোগ মহিলা গৰাকীৰ।
       ইতিমধ্যে নিৰ্যাতিত মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষীয়ে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য। যদিওঁ আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আতাউৰ ৰহমান আৰু জাইদুল ইছলামক

Leave A Reply