ভূৰাগাঁৱৰ পঠাৰ জঘণ্য ধৰ্ষণ কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুণৰ লাহৰীঘাটত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলী এগৰাকী মানসিক বাধাগ্ৰস্ত যুৱতী। বৃহস্পতিবাৰে নিশা লাহৰীঘাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ধৰ্ষণকাৰী নৰপিষাচ লম্পট আলী হুছেইন।তাৰ পাছৰ দৃশ্য এয়া। লম্পট আলী হুছেইনৰ ফাচীৰ দাবীত উত্তাল লাহৰীঘাট থানাৰ সন্মুখ। লাহৰীঘাট থানাৰ তিতাতলা বিলপাৰ গাঁৱত ১ আগষ্টৰ নিশা সংঘটিত হৈছিল এই জঘণ্য ঘটনা। মানসিক বাধাগ্ৰস্ত মহিলা গৰাকীক হাত ভৰি বান্ধি ধৰ্ষণ কৰা অভিযোগ লম্পট আলী হুছেইনৰ বিৰুদ্ধে। এই জঘণ্য ঘটনাৰ পাছতেই আলী হুছেইনে পলায়ন কৰিছিল তিতাতলাৰ গৃহৰ পৰা।*অৱশেষত গ্ৰেপ্তাৰ হ’ল আলী হুছেইন । আলী হুছেইনক আদালতত হাজিৰ কৰাৰ প্ৰাক ক্ষণত তিতাতলাৰ ৰাইজ ওলাই আহি আলী হুছেইনৰ ফাচীৰ দাবীত এনেদৰে প্ৰতিবাদ কৰে।এনে জঘণ্য ঘটনাই সমগ্ৰ জিলা খনতে পুণৰ সৃষ্টি কৰিছে চাঞ্চল্য।

