তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আন্দামান সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবেই এই যশ ঘূৰ্ণিবতাহৰ সৃষ্টি হৈছে।কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰা ৫ ৰাজ্য হৈছে – অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগ, তামিলনাডু আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। সাগৰীয় পাৰৰ বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

