এইবাৰ অম্বুবাচী মেলাত নাথাকে ভিআইপি (VIP ) পাছৰ ব্যৱস্থা। অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক জাননী যোগে জাৰি কৰে এই তথ্য।

জাননীত উল্লেখ থকা অনুসৰি অহা ২১ জুনৰ পৰা ৩০ জুনলৈ কামাখ্যা মন্দিৰত প্ৰৱেশ কৰিব পৰা সকলোধৰণৰ ভি আই পি পাছৰ ব্যৱস্থা বাতিল কৰা হৈছে। অম্বুবাচী মেলাৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে প্ৰশাসনে।