
থলুৱা আৰু জৈৱিক ৰঙেৰে ৰঙীন এইবৰ্ষৰ হোলী।ASULM ৰ অধীনত আত্ম-সহায়ক গোটসমূহে এই বছৰৰ হোলী উদ্যাপনৰ বাবে জৈৱিক, পাচলিৰ পৰা ৰং প্ৰস্তুত কৰে। সুৰক্ষিত আৰু ৰাসায়নিকদ্ৰব্য মুক্ত এই জৈৱিক ৰংবোৰ বিভিন্ন পাচলি, হালধি, টেলকাম পাউডাৰ আৰু গোলাপজলৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা হৈছে।

এনে সুৰক্ষিত আৰু জৈৱিক হোলী ৰং প্ৰস্তুত কৰা মঙ্গলদৈ পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ মহিলা সদস্যসকলক লৈ গঠিত “সৃজনী স্বচ্ছতা গোট”ৰ কেইখনমান ফটো মন্ত্ৰী অশোক সিংহালে শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত।



