Breaking

২৬ মাৰ্চ, ২০১০ চনৰ পিছত বিবাহপাশত আৱদ্ধ হোৱাসকলে ছমাহৰ ভিতৰত কৰিব লাগিব বাধ্যতামূলক পঞ্জীয়ন…

0 65

উত্তৰাখণ্ডত আইনত পৰিণত ইউনিফৰ্ম চিভিল কোড বিধেয়ক। ফলত যদি কাৰোবাৰ বিয়া ২৬ মাৰ্চ, ২০১০ৰ পিছত হৈছে, তেন্তে তেনে বিবাহ পঞ্জীয়ন কৰিব লাগিব। যিসকলে ইতিমধ্যে সেয়া কৰিছে তেওঁলোকে পুনৰ পঞ্জীয়ন কৰাৰ প্ৰয়োজন নহ’ব। এই ব্যৱস্থা উত্তৰাখণ্ড বিধানসভাত উত্থাপন কৰা ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কত আছে। উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত আলোচনাৰ পিছত ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বিধেয়কখন গৃহীত কৰা হয়। এই বিধেয়কৰ মতে যদি কাৰোবাৰ বিয়া ২৬ মাৰ্চ, ২০১০ -ৰ পিছত হৈছে , তেন্তে তেনে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।

মনকৰিবলগীয়া কথাটো হ’ল আইনখন ৰূপায়ণ হোৱাৰ ছমাহৰ ভিতৰত বিবাহৰ পঞ্জীয়ন নকৰা সকলৰ ওপৰত ১০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব। যিসকলে পঞ্জীয়নত মিছা তথ্য দিয়ে তেওঁলোকৰ বিৰুদ্ধে ২৫,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব। ইউচিচিত এই কথা স্পষ্ট কৰা হৈছে যে যদি বিবাহ সম্প্ন হোৱা মহিলা বা পুৰুষ ৰাজ্যখনৰ বাসিন্দা হয়, তেন্তে তেওঁৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব। ২৬ মাৰ্চ, ২০১০ লৈকে পঞ্জীয়ন নোহোৱা বিবাহবোৰ (উত্তৰাখণ্ড বাধ্যতামূলক বিবাহ পঞ্জীয়ন আইন) ইউচিচি কাৰ্যকৰী হোৱাৰ ছমাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। যিসকল ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোকে আইনখন আৰম্ভ হোৱাৰ ছমাহৰ ভিতৰত উপ-পঞ্জীয়কৰ কাৰ্যালয়ত এই বিষয়ত ঘোষণাপত্ৰ দাখিল কৰিব লাগিব। ২০১০ চনৰ পূৰ্বৰ দম্পতীসকলে ইচ্ছা কৰিলে তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন কৰিব পাৰিব। ইউচিচি কাৰ্যকৰী হোৱাৰ পিছত, স্বামী আৰু পত্নীয়ে একেলগে এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব । তেওঁলোকে বিবাহৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত উপ-পঞ্জীয়কৰ সন্মুখত হাজিৰ হ’ব লাগিব। চৰ্তটো হ’ল যে দুয়োগৰাকীৰ মাজৰে এগৰাকী ৰাজ্যখনত বাস কৰা হ’লে এই নিয়ম মানিব লাগিব।। একেদৰে, ২০১০ চনৰ আগৰ দম্পতীসকলৰ বাবেও কিছুমান আনুষ্ঠানিকতা থাকিব।চৰকাৰে এনেবোৰ বিষয় চোৱা-চিতাৰ বাবে উপ-পঞ্জীয়ক, পঞ্জীয়ক, পঞ্জীয়ক জেনেৰেল নিয়োগ কৰিব। ইউচিচিৰ অধীনত ৰাজ্য চৰকাৰে এজন সচিব পৰ্যায়ৰ বিষয়াক মহাপঞ্জীয়ক হিচাপে নিযুক্তি দিব। ইয়াৰ পিছত উপ সংগ্ৰাহকৰ পৰ্যায়লৈকে বিষয়াসকলক বিভিন্ন অঞ্চলৰ বাবে পঞ্জীয়ক আৰু উপ পঞ্জীয়ক হিচাপে নিযুক্তি দিয়া হ’ব।

যিকোনো ব্যক্তিয়ে বিবাহ সম্পন্ন হোৱাৰ পিছত ইচ্ছাকৃতভাৱে পঞ্জীয়ন নকৰিলে বা পঞ্জীয়নত অৱহেলা কৰিলে তেওঁলোকক উপ-পঞ্জীয়কে ১০,০০০ টকালৈকে জৰিমনা বিহিব পাৰিব। পঞ্জীয়নত মিছা তথ্য বা জাল নথি পত্ৰ প্ৰদান কৰা ব্যক্তিক তিনি মাহলৈকে কাৰাবাস বা ২৫,০০০ টকা লৈকে জৰিমনা বিহা হ’ব পাৰে বা দুয়োটাই কাৰ্যকৰী কৰা হ’ব পাৰে। একেদৰে ১৫ দিনৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়ত ব্যৱস্থা গ্ৰহণ নকৰা উপ-পঞ্জীয়ককো ২৫,০০০ টকালৈকে জৰিমনা বিহা হ’ব পাৰে।

Leave A Reply