Breaking

আজি নিযুক্তিপত্ৰ লাভ নকৰাসকলে পৰৱৰ্তী সময়ত সংগ্ৰহ কৰিব পাৰিব নিযুক্তিপত্ৰ!কিন্তু ক’ৰপৰা?

0 2,127

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যাসয় খেলপথাৰত অসম চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে৷ ৰাজ্যৰ প্ৰায় ২৩,০০০ যুৱক-যুৱতীক অসম চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ পিছে, খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ৷  আজি নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলে পৰৱৰ্তী সময়ত ক’ত কেনেকৈ নিযুক্তি পত্ৰ লাভ কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাই নিজেই সবিশেষ সদৰী কৰে৷  আজি গৃহ বিভাগত ৮৮৬৭টা, প্ৰাথমিক শিক্ষা ৭৪২২টা, মাধ্যমিক শিক্ষা ৩৫১৭টা, উচ্চ শিক্ষা ১২৪টা, জনস্বাস্থ্য কাৰিকৰী ৩৩০টা, জলসম্পদ ১০৫টা, সমাজ কল্যান ৬৯টা, স্বাস্থ্য ২৪১৯টা, কৃষি ৫৫, পৰিৱেশ আৰু বন  ২৩, লোক নিৰ্মাণ ৮, খনি আৰু খনিজ পদাৰ্থ ২, শ্ৰমিক কল্যানত ১৭টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।


অৱশ্যে সকলো প্ৰাৰ্থীকেই খানাপাৰত নিযুক্তি পত্ৰ দিয়া নহ’ল৷ পিছে খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা প্ৰাৰ্থীয়ে ক’ত, কেনেকৈ লাভ কৰিব নিযুক্তি পত্ৰ? সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা অনুসৰি- জলসম্পদ বিভাগৰ নিযুক্তিৰ যাব লাগিব বশিষ্ঠৰ কাৰ্যালয়লৈ, বশিষ্ঠৰ অতিৰিক্ত মুখ্য অভিযন্তা কাৰ্যালয়লৈ গৈও লাভ কৰিব নিযুক্তি৷
সমাজকল্যাণ বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব বেলতলালৈ, বেলতলাৰ সমাজ কল্যাণ সঞ্চালকালৈ কাৰ্যালয়ত দিয়া হ’ব নিযুক্তি পত্ৰ। বন বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব পাঞ্জাবাৰীৰ অৰণ্য ভ্ৰমণলৈ, তাতে লাভ কৰিব নিযুক্তি পত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিযুক্তি পত্ৰ হেঙেৰাবাৰীত অৱস্থিত কাৰ্যালয়ৰ পৰা  লাভ কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত নিযুক্তি পোৱাসকলে অনলাইন যোগে ডাউনলোড কৰিব পাৰিব নিযুক্তি পত্ৰ। ইয়াৰ বাবে সন্ধিয়া ৪বজাৰ পাছত উপলব্ধ হ’ব অনলাইনত ডাউনলোড প্ৰক্ৰিয়া।

মাধ্যমিক শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলেও অনলাইনতে পাব নিযুক্তি পত্ৰ, বিয়লি ৩বজাৰ পিছত উপলব্ধ হ’ব অনলাইন ডাউনলোড প্ৰক্ৰিয়া।উচ্চ শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে কাহিলীপাৰাত অৱস্থিত শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত গৈ লাভ কৰিব নিযুক্তি পত্ৰ।স্বাস্থ্য বিভাগত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ডায়েৰেক্টৰ অব্ হেলথ চাৰ্ভিছত লাভ কৰিব নিযুক্তি পত্ৰ। অন্যথা অনলাইন ৱেবছাইট যোগেও লাভ কৰিব নিযুক্তি পত্ৰ।ডায়ৰেক্টৰ অব্ হেলথ ফেমেলী ৱেলফাৱাৰত যিসকলে নিযুক্তি পাইছে dhsfw.assam.gov.in যোগে লাভ কৰিব নিযুক্তি পত্ৰ। ডায়েক্টৰ অৱ মেডিকেল এডুকেশ্যনত নিযুক্তি পোৱা সকলে dme.assam.gov.inত লাভ কৰিব নিযুক্তি পত্ৰ। অটল অমৃতত নিযুক্তি পোৱাসকলেও অনলাইন ছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। কৃষিবিভাগত নিযুক্তি পোৱাসকলে খানাপাৰাৰ কৃষি বিভাগৰ কাৰ্যালয়ত গৈ ল’ব পাৰিব নিযুক্তি পত্ৰ।লোক নিৰ্মাণ বিভাগৰ প্ৰাৰ্থীসকলে সচিবালয়ত থকা PWDৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। সচিবালয়ৰ ব্লক Bত লাভ কৰিব নিযুক্তি পত্ৰ।


খনি আৰু খনিজ পদাৰ্থৰ প্ৰাৰ্থীসকলে সভা সমাপ্ত হোৱাৰ পাছত পশু মহাবিদ্যালয় খেলপথাৰৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। অন্যথা অসম সচিবালয়ৰ ব্লক Dত গৈ পোনে পোনে ল’ব পাৰিব নিযুক্তি পত্ৰ। আৰক্ষীসকলেও অনলাইন ৱেবছাইটত লাভ কৰিব নিযুক্তি পত্ৰ। ৪বজাৰ লগে লগে নিৰ্ধাৰিত ৱেবছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। আৰক্ষীত নিযুক্তি পোৱাসকলে ১৬তাৰিখে নিযুক্তি পত্ৰত উল্লেখ থকা নিৰ্দিষ্ট জিলাত উপস্থিত হ’ব লাগিব প্ৰাৰ্থীসকলে৷ ১৮তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ অনুশীলন আৰম্ভ হ‘ব৷

Leave A Reply