Breaking

অসমৰ কল্যান আৰু উন্নতি বিচৰাসকলে ভাজপা-মিত্ৰজোঁটক জয়যুক্ত কৰিবঃ অজন্তা নেওগ…

0 13

সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহনৰ সমাপ্তিৰ পিছত সমগ্ৰ দেশৰ লগতে অসমতো । এইক্ষেত্ৰত প্ৰতিদ্বন্দী দলসমূহৰ তুলনাত শাসকীয় ভাজপা-মিত্ৰজোঁট বহু যোঁজন আগুৱাই আছে। শনিবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে গাৰিগাঁও ঈদগাহ ময়দান, প্ৰাগজ্যোতিষ কলা-কৃষ্টি সংঘৰ খেলপথাৰ আৰু আদাবাৰীৰ জয়মতী নগৰ নতুন কলনীত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰিবলৈ জনতাক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়-মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ আমোলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ এক মহাযজ্ঞৰ সূচনা হৈছে।

এয়া অভূতপূৰ্ব। এই উন্নয়ন অব্যাহত ৰখাৰ দায়িত্ব অসমবাসীৰ। কেন্দ্ৰত একেৰাহে তৃতীয়বাৰৰ ভাজপা-মিত্ৰজোঁটৰ চৰকাৰ গঠন নিশ্চিত কৰি অসমবাসীয়ে সেই দায়িত্ব পালন কৰিব লাগিব। “দেশ তথা ৰাজ্যত ইতিমধ্যে সম্পন্ন হৈ যোৱা দুয়োটা পৰ্যায়ৰ ভোটদানতে ভাজপা-মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে লগতে দোহাৰে। ‘অসমৰ কল্যান আৰু উন্নয়ন অব্যাহত থকাতো বিচৰাসকলে ভাজপা-মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীকে বিপুল ভোটত জয়যুক্ত কৰিব’ বুলি মাননীয়া মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাননীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহন কৰা প্ৰতিখন সভাতে যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয়। ‘কেন্দ্ৰত নৰেন্দ্ৰ মোদী আৰু ৰাজ্যত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাজপা-মিত্ৰজোঁট চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ কল্যানৰ বাবে পদক্ষেপ লোৱা বুলি দোহাৰি তেওঁ কয় যে, ভাজপাই জনতাৰ কল্যানৰ বাবে অবিৰত কাম কৰি যাব।


শনিবাৰে বিত্তমন্ত্ৰীৰ উপৰি সাংসদ কামাখ্যা প্ৰসাদ তাছায়ো এই সভাসমূূহত ভাজপা প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ চলায়। উল্লেগযোগ্য যে, তাছা ডাঙৰীয়াই এইবাৰৰ নিৰ্বাচনত কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। অহা ৭ মে’ত বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ লগতে গুৱাহাটী সংসদীয় সমষ্টিৰ ভোটগ্ৰহন অনুষ্ঠিত হ’ব।

Leave A Reply