বালিচাং আৰক্ষীৰ অভিযানত সহস্ৰাধিক লিটাৰ মদ জব্দ

ক’ভিড-১৯ৰ  পৰিস্থিতি  মুকাবিলা কৰা বিশ্বনাথ জিলা প্ৰশাসনে সৰ্বোতভাৱে ব্যৱস্থা গ্ৰহন কৰা স্বত্তেও পৰিস্থিতি   অনুকুল নোহোৱাত সমগ্ৰ বিশ্বনাথ জিলা খনতে সম্পূৰ্ণ  লকডাউনৰ ঘোষনা কৰিছে  ৷  ক’ভিডৰ শোচনীয় পৰিস্থিতিৰ বাবে জিলাখনৰ অভিভাৱক মন্ত্ৰী পিযুষ  হাজৰিকাৰ নিৰ্দেশ ক্ৰমে বিশ্বনাথ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা  এক পৰ্যালোচনা সভাত ক’ভিড-১৯  পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাটাও গুৰুত্বপুৰ্ন  সিদ্ধান্ত গ্ৰহন  কৰে ৷ বিশেষকৈ মদৰ  প্ৰচলন থকা স্থান সমুহত ক’ভিড-১৯ ৰ গণ সংক্ৰমনৰ আশংকা প্ৰকাশ কৰা  মন্ত্ৰী পিযুষ হাজৰিকাই মদৰ ঘাটি সমুহ উৎখাত  কৰাৰ কাঢ়া নিৰ্দেশ দিয়ে ৷ মন্ত্ৰীৰ নিৰ্দেশৰ  পাছতেই বিশ্বনাথ জিলা প্ৰশাসনে মুখ্যতঃ মদৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈ পৰে ৷ ইতিমধ্যে আৰক্ষীয়ে  জিলাখনৰ বিভিন্ন স্থানত মদৰ সাম্ভাৱ্য ঘাটি সমুহ চিনাক্ত কৰি  অভিযান তীব্ৰতৰ কৰি তুলিছে ৷  জানিব পৰা মতে  অসম অৰুণাচল সীমান্তৱৰ্তীৰ বিভিন্ন অঞ্চলকে ধৰি মদৰ ঘাটি হিচাবে  খ্যাত  মহজুলি বস্তি আৰু মহজুলি পথাৰত  বালিচাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্বাছ আলিৰ নেতৃত্বত C.R.P.F , আবকাৰী বিভাগ আৰু মহিলা আৰক্ষীৰ দলে  আকস্মিক ভাবে  সুৰা উৎখাত কৰাৰ  অভিযান চলাই ৷ অভিযানৰ সময়ছোৱাত মিনা কিলিংপীৰ গৃহত ২০০ লিটাৰ , সিং বে’ৰ গৃহত ১০০ লিটাৰ ,মিলী বেপীৰ গৃহত ১৫০ লিটাৰৰ উপৰিও , মানিক বে , দিলীপ তিমুং আৰু মাইসিং তিমুঙৰ গৃহৰ পৰা ৬৫০ লিটাৰকে  ধৰি সৰ্বমুঠ  ১১০০ লিটাৰ  মদ জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আৰক্ষী অহাৰ গম পায়েই  মদ বেপাৰী  সকলে পলাই সাৰিবলৈ সক্ষম হোৱাত এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷  কৰ্তব্যৰত অৱস্থাত থকা বালিচাং আৰক্ষী বিষয়াক সোধা এক প্ৰশ্নৰ উত্তৰত ক’ভিড -১৯ পৰিস্থিতি সুস্থিৰ অবস্থালৈ নহা আৰু  মদৰ ঘাটি সম্পুৰ্ন ৰূপে উৎখাত নকৰা পৰ্যন্ত এই অভিযান ধাৰাবাহিক ভাবে চলি থাকিব বুলি জানিব দিয়ে ৷ অভিযানৰ এই কাৰ্যত বিশেষ ভাবে সহযোগ দিয়ে বালিচাং , লচমনবস্তি আৰু মহজুলি বস্তিৰ গাওঁৰক্ষী বাহিনী সম্পাদক  সকল ক্ৰমে বালিৰাম ৰংপী , জগন্নাথ কুৰ্মী আৰু ৰেৱন শৰ্মাই ৷ আৰক্ষীৰ এই কাৰ্যত সচেতন লোক সকলে  সন্তুষ্টি প্ৰকাশ কৰে ৷

Related Articles