Breaking

কূটাঘাতৰ আশংকাঃ বিহুৰ বতৰতে শিৱসাগৰত দুমাহৰ বাবে ১৪৪ ধাৰা জাৰি…

0 2,219

বিহুৰ সময়ত উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰিয়েই শিৱসাগৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই ধাৰা জলিা খনত দুমাহৰ বাবে বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিৱসাগৰ জিলাত আজিৰ পৰা বলবৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে। তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজহুৱা স্থানত পাঁচ জন বা তাতোধিক লোকৰ সমাবেশ, সভা-সমিতি, শোভাযাত্ৰা উলিওৱা, শ্বহীদ বেদী নিৰ্মাণ, দেৱাল লিখন, শ্ল’গান ছপা কৰা, কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয় আদিত যি কোনো ধৰণৰ বৰঙণি সংগ্ৰহ নিষিদ্ধ কৰা হৈছে। অৱশ্যে ৬০ বছৰ উৰ্দ্ধৰ লোক, ১২ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে৷ জিলাখনত অসামাজিক লোক তথা উগ্ৰপন্থীৰ আইন বিৰোধী কাৰ্যকলাপ, গুলীচালনা, হত্যা, অপহৰণ বা ধন লুটৰ আশংকা কৰি দুচকীয়া যান বাহনত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ ৫০ মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিক কেৰীবেগ, যি কোনো ধৰণৰ ধঁপাত জাতীয় সামগ্ৰী যেনে গুটখা, শিখৰ আদি বেচা-কিনা সমগ্ৰ শিৱসাগৰ জিলাত নিষিদ্ধ কৰা হৈছে। জিলাখনৰ সীমামূৰীয়া অঞ্চলৰে উগ্ৰপন্থীৰ আহ-যাহ আৰু অসমাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্ত্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ যি কোনো ব্যক্তি বা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰা হৈছে। লালীগুড়ৰ পৰা থলুৱা মদ প্ৰস্তুতকৰণেৰে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি সমগ্ৰ জিলাখনত লালীগুৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে। আদেশ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰিছে।

জিলাখনত দুচকীয়া যানত দুজন বা তাতোধিক লোকৰ বিচৰণো নিষিদ্ধ কৰা হৈছে।জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসামাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰিছে।এই নিষেধাজ্ঞা সমূহ তৎকালীনভাবে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী ৬০ দিনলৈ বা পুনৰ আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। এই আদেশসমূহ অমান্য কৰা সকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলিও এই নিৰ্দেশনাত উল্লেখ কৰিছে। বিহুৰ বতৰত জাৰি কৰা এনে নিষেধাজ্ঞাই জিলা খনৰ সাধাৰণ জনতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave A Reply