Breaking

ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুজ দি নগাওঁ আৰক্ষীৰ প্ৰসংশা বুটলিছে তিনি সাহসী কিশোৰীয়ে

0 1,535

 সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ তিনি কন্যাই।ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কন্যা ৰুবিত্ৰা পাটৰ,শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।ৰুবিত্ৰা পাটৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে ইনাজ বেগমে নৱম মান আৰু শিল্পীশিখা বৰা অষ্টম শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে নগাঁৱৰ নেহৰুবালিত এথলেটিকছ অনুশীলন কৰিবলৈ আহিছিল তিনিও গৰাকী কিশোৰী।সেইসময়ত নেহৰুবালি খেলপথাৰত ড্ৰাগছ সেৱন কৰি আছিল কেইবাজনো যুৱকে। ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও আতৰাই পঠাবলৈ সাহস কৰা নাছিল।কিন্তু তিনি সাহসী কন্যাই ইয়াৰ প্ৰতিবাদ জনাই সাহসিকতাৰে আটক কৰিলে ড্ৰাগছ সহ ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক।তিনি কিশোৰীক প্ৰহাৰ কৰিবলৈও তৎপৰ হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দলটো।কিন্তু নেহৰুবালি খেলপথাৰত তিনি কিশোৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল এজনো লোক।তথাপিও সাহসিকতাৰে তিনি কিশোৰীয়ে  আবদ্ধ কৰিলে আজিজুল নামৰ এজন ড্ৰাগছ আসক্তক।তাৰ পিছত  যুৱক জনক গটাই দিয়ে আৰক্ষীক।তিনিও গৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ৰাইজৰ মাজত।নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰসংশা কৰে তিনি সাহসী কিশোৰীৰ।আনকি অতিশীঘ্ৰে তিনিও কিশোৰীক আৰক্ষীৰ ফালৰ পৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

Leave A Reply