Breaking

ধুবুৰীৰত ৮৫ বস্তা চোৰাং ইউৰিয়া সাৰ সহ তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ বি,এছ,এফৰ …

0 90

ধুবুৰীৰ পৰা নদী পথেৰে সীমান্ত অঞ্চললৈ চোৰাংকৈ ইউৰীয়া সাৰ নিয়াৰ সময়তে বি এছ এফৰ এটা দলে তালাচী চলাই ৮৫ বস্তা চোৰাং ইউৰীয়া সাৰ জব্দ কৰে। ধুবুৰীৰ বংশীৰচৰ এলেকাত থকা বি অ পিত বি এছ এফে নিয়মীয়া তালাচীৰ পিছতেই জব্দ কৰে ৮৫ বস্তা ইউৰিয়া সাৰ। 

বি এছ এফে ৮৫ বস্তা চোৰাং সাৰৰ লগতে তিনিজন লোকক আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ আনি আৰক্ষীক চমজাই দিয়ে। তিনিজন লোক ক্ৰমে সাহ আলম(৫০), আব্দুল ছালাম(৩০) আৰু চান উদ্দিন(২৭) বুলি ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে জানিবলৈ দিয়ে। 

বৰ্তমানে চোৰাং ব্যৱসায়ী তিনিজনক ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে

Leave A Reply