Breaking

বঙাইগাঁৱত তিনিদিনীয়া অসমী বহাগী মেলা – ২০২২ 

0 1,075

সমাগত ৰঙালী বিহুৰ প্ৰাকমূহুৰ্তত দেওবাৰৰ পৰা বঙাইগাঁও চহৰৰ গান্ধী ময়দানত তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসমী বহাগী মেলা- ২০২২ ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলা পৰিচালনা শাখাৰ উদ্যোগত আয়োজন কৰা এই অসমী বহাগী মেলাখন স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰি উদ্বোধন কৰে ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলাৰ প্ৰকল্প প্ৰৱন্ধক প্লোৰাজ মুছাহাৰীয়ে আদৰণি ভাষণ ৰখা অনুষ্ঠানৰ  আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিধায়ক ফণীভূষণ চৌধুৰীয়ে ৷

অনুষ্ঠানত বিধায়কগৰাকীয়ে বক্তব্যত এই বহাগী মেলাৰ জৰিয়তে আত্ম সহায়ক গোটসমূহ উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে ৷ লগতে আত্ম সহায়ক গোটসমূহ উপকৃত হোৱাৰ লগে লগে গোটৰ সদস্যাসকলো পৰিয়ালকেন্দ্ৰিক উপকৃত হ’ব বুুুলিও কয় ৷ অনুষ্ঠানত জিলা উপায়ুগৰাকীয়েও বক্তব্য ৰাখে ৷ উল্লেখ্য যে এই মেলাখনত জিলাখনৰ বিভিন্ন আত্ম সহায়ক গোটৰ দ্বাৰা উৎপাদিত থলুৱা সা- সামগ্ৰী, গামোচা, বস্ত্ৰ শিল্প,  পিঠা – লাডু, শাক পাচলি আদি উপলব্ধ ৷ মেলাখনত মুঠ ৩০ টা ষ্টল আছে ৷ মেলাৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠিত হ’ব ৷ মেলাখন ১২ এপ্ৰিলত সামৰণি পৰিব ৷

Leave A Reply