Breaking

কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম

0 85

ওদালগুৰি জিলাৰ কৈশিকী গঙ্গা হিচাপে পৰিচিত ভূটান পাহাৰৰ পৰা বৈ আহি নামনি অসমত সন্ত্ৰাস সৃষ্টি কৰা কুলশী নৈৰ বাবে বহু ঘৰ-বাৰী উচন হৈছে, জীৱ জন্তুৰো ক্ষতি হৈছে।

বানপানী,গৰাখহনীয়াৰ কবলত পৰাৰ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ভীষণ ক্ষতি সাধন হৈছে।

কুলশী নদীৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ বিচাৰি, প্ৰেম ভাতৃত্ববোধ জগাই তোলা, বিশ্ব শান্তি কামনাৰ্থে বনগাঁও চাতিয়াপাৰাবাসী ৰাইজে যোৱা বেলিৰ দৰে এইবেলিও বুধবাৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে ভাগৱত পাঠ আৰু নাগাৰা নাম প্ৰদৰ্শনৰ আয়োজন কৰে।

Leave A Reply