তামুলপুৰ জিলা সদৰৰ অন্তৰ্গত চাৰাংবাৰী গাঁৱৰ নৱৰত্ন বায়নৰ পত্নী বিজুলী স্বৰ্গীয়াৰী (২৭) যোৱা ১৭ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে । স্বামী নৱৰত্ন বায়নে জনোৱা মতে ওচৰৰ বিজুলী স্বৰ্গীয়াৰীয়ে ওচৰৰে এগৰাকী মহিলাক হাউলিলৈ যাব বুলি কৈ দুই বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায়। পিছত বিজুলী স্বৰ্গীয়াৰীয়ে সন্ধিয়ালৈ ঘৰলৈ উভতি নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। নৱৰত্ন বায়নে বিভিন্ন ঠাইত বিচাৰ খোৱাৰ কৰে যদিও আজি পৰ্যন্ত বিজুলী স্বৰ্গীয়াৰীৰ কোনো সম্ভেদ লাভ কৰা নাই। ইতিমধ্যে নৱৰত্ন বায়নে তামুলপুৰ আৰক্ষী থানাৰ এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে তামুলপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁওৰ সোণাৰাম বড়োৰ জীয়ৰী ৰুমী বড়োও একেদিনাই একে সময়তে নিৰুদ্দেশ হয়।

বিজুলী স্বৰ্গীয়াৰীৰ সতে ৰুমীৰ আছিল এক মধুৰ সম্পৰ্ক । পৰিয়ালৰ লোকৰ সন্দেহ ৰুমী বড়োৰ লগতে বিজুলী স্বৰ্গীয়াৰীও কৰবাত আত্মগোপন কৰি আছে। যদি কোনো লোকে বিজুলী স্বৰ্গীয়াৰীৰ সন্দেহ পায় তেনেহলে তামুলপুৰ আৰক্ষী থানাত বা ৬০০২৭৮৭৭৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
তামুলপুৰৰ পৰা প্ৰসাদ প্ৰতিবেদন

