মৰিগাঁও জিলাৰ লাহৰীঘাটৰ থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ পৰা যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে আশ্বাদুল ইছলাম ( ২৭ ) ,জাহাঙ্গীৰ আলম ( ৩০ ) আৰু নজৰুল ইছলাম ( ২৭ ) নামৰ ব্যক্তি সকলক আজি ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ বিৰুদ্ধে 284/2021 U / S 22/ (a) 29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ পৰা ৫ টা ভৰ্তি , এটা অৰ্ধ ভৰ্তি কন্টিনাৰ উদ্বাৰ কৰে । প্ৰণিধানযোগ্য যে লাহৰীঘাট থানাৰ বৰ্তমান ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অদিত বঢ়ো নেতৃত্বত এতিয়ালৈ বহু ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

