বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত তিনিটাকৈ ছাগলী চোৰ

 বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত চলিছে ছাগলী চোৰৰ সন্ত্ৰাস । এইবাৰ দিন-দুপৰতে ছাগলী চুৰি কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ আলহী হ’ল তিনিটাকৈ কুখ্যাত ছাগলী চোৰ । আজি গুৱাহাটী দৌলাশাল পথৰ চেঙাত বলেৰো পিক‌আপ ভানত ২৩ টাকৈ চুৰি হোৱা ছাগলী উদ্ধাৰ হয় । বৰপেটাৰ চেঙাত স্থানীয় ৰাইজৰ সহযোগত তাৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তিনিটাকৈ ছাগলী চোৰ । দীৰ্ঘদিন ধৰি বৰপেটাৰ বিভিন্ন প্ৰান্তৰ লগতে চেঙা , বহৰি ,পালহাজী , ৰাউলী, কাপলা আদি অঞ্চলৰ পৰা চুৰি হৈছিল ছাগলী । উল্লেখ্য যে প্ৰতিদিনে চুৰি হৈ থকা ছাগলীসমূহ কেতিয়াবা যদি ঘৰৰ পৰা চুৰি কৰিছে আৰু কেতিয়াবা কোনো লোক নথকাৰ সুযোগ বুজি পথাৰৰ পৰা চুৰি কৰিছে ছাগলী । তাৰাবাৰী আৰক্ষীয়ে ছাগলী চোৰক আটক কৰাৰ খবৰ পায় থানালৈ আহিছে ছাগলীৰ গৰাকী আৰু চিনাক্ত কৰিছে নিজৰ নিজৰ চুৰি হোৱা ছাগলী । আজি তিনিটাকৈ ছাগলী চোৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে চেঙা মুছলমান গাওঁৰ স্থানীয় ৰাইজৰ সহযোগত । ধৃত চোৰ কেইটা ক্ৰমে বৰপেটা জিলাৰ বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজী গাঁৱৰ চাইফুৰ ৰহমান (২৭) আৰু চাইফুল ইছলাম (২৪) আৰু বৰপেটা সদৰ থানাৰ অন্তৰ্গত সোনকুছি গাঁৱৰ আব্দুল আজিজ(২৫) বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে । চুৰি ছাগলীসমূহ কঢ়িয়াই অনা এ.এচ- ১৫ চি -৭২৩৫ নম্বৰৰ বলেৰো পিক‌আপ ভ্যানখনো জব্দ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে চোৰ তিনিটাক তাৰাবাৰী আৰক্ষী থানাত সোধাপোচা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে । আনহাতে চুৰি হোৱা ছাগলীৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাইলৈ ধৃত চোৰ তিনিটাক বৰপেটা আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে ।

Related Articles