Breaking

মহানগৰীৰ ব্যৱসায়ী অপহৰণ কাণ্ড: তিনি আৰক্ষীক গ্রেপ্তাৰ

0 528

অপৰাধমূলক মানসিকতাৰ একাংশ বিষয়া–জোৱানৰ কু–কার্যই বিভিন্ন সময়ত বদনামী কৰিছে অসম আৰক্ষীক৷ শেহতীয়াকৈ ধনৰ প্রলোভন আওকাণ কৰি গৃহৰক্ষী জোৱান বৰছিং বে’ই বৃহৎ পৰিমাণৰ ড্রাগ্ছ ধৰা পেলোৱাৰ বিপৰীতে খাকী পোছাক পৰিধান কৰাসকলৰ মাজত এতিয়াও স্খলন হোৱা একাংশ লোক আছে৷ এই কথা পুনৰ প্রমাণ কৰিলে গুৱাহাটীত সংঘটিত এক অপহৰণ কাণ্ডই৷ অজিত দাস নামৰ এজন ব্যৱসায়ীক ঘৰৰ শোৱাপাটীৰ পৰাই অপহৰণ কৰি নিয়া চাঞ্চল্যকৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছে তিনি খাকী পোছাকধাৰীক৷

এই তিনি ‘অপৰাধী আৰক্ষী’ হ’ল– ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজ বাবু সিং, আছাম ফৰেষ্ট প্রটেকচন ফ’চ বেটেলিয়নৰ হাবিলদাৰ জিতেন বাইলুং আৰু জাগীৰোড থানাৰ গৃহৰক্ষী জোৱান সূৰুয পাটৰ৷ আন এজন অপহৰণকাৰী মনেশ্বৰ দাসো ধৰা পৰিছে৷ মনেশ্বৰ দাস পেছাত এজন ফার্মাচিষ্ট৷

উল্লেখ্য যে যোৱা ২৩ জুনৰ নিশা পল্টন বজাৰৰ ৰে’লৱে কলনীৰ কালিবাৰীৰ বাসগৃহৰ পৰা ব্যৱসায়ী অজিত দাসক আৰক্ষীৰ পোছাক পৰিহিত পাঁচজনীয়া দুর্বৃত্তৰ দলে হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ কৰি নিছিল৷ ঘটনা সন্দর্ভত দাসৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ২১৭/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ব্যৱসায়ীজনৰ সন্ধানত অভিযান তীব্রতৰ কৰি তোলে৷

লতাশিল থানা আৰু মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ম’বাইল ফোনৰ লোকেচন ট্রেকিঙৰ ভিত্তিত অভিযান চলাই সোমবাৰে পুৱতিনিশা ব্যৱসায়ীজনক জাগীৰোডৰ এটা দুর্গম এলেকাৰ পৰা উদ্ধাৰ কৰে৷ জাগীৰোডৰ দুর্গম এলেকাত আৰক্ষীৰ আগমনৰ উমান পাই অপহৰণকাৰীৰ দলটো পলায়ন কৰে যদিও ব্যৱসায়ীজনক সোধা–পোছা কৰি পৰৱর্তী সময়ত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা অভিযুক্তকেইজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে ব্যৱসায়ী দাসক অপহৰণ কৰি অভিযুক্তকেইজনে তেওঁৰ পৰিয়ালক ২০ লাখ টকা মুক্তিপণ বিচাৰিছিল৷ ঘটনা সন্দর্ভত পৰৱর্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি মহানগৰ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰে৷ সম্প্রতি অভিযুক্তকেইজনক পাণবজাৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

Leave A Reply