হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত চাবাজপুৰত আজি বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ হয় তিনিজন সৰবৰাহকাৰী ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সূত্ৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষী বিষয়া মিন্টু শৰ্মাই AS 25 CC 8599 নম্বৰৰ টাটা মোবাইল আৰু NL 07 CA 8645 নম্বৰৰ চাৰিচকীয়া গ্লাঞ্জা বাহনখনৰ পৰা জব্দ কৰে সাতটা চাবোনৰ কেচ ভৰ্তি ব্ৰাউন চুগাৰখিনি ৷
আৰক্ষীয়ে খেদি খেদি জব্দ কৰে ব্ৰাউন চুগাৰ কঢ়িয়াই নিয়া বাহন দুয়োখন ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে শ্বাহাব উদ্দিন, আলা উদ্দিন আৰু আব্দুল মতিনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ধৃত তিনিওজনৰ ঘৰ ডবকাৰ সুতাৰগাঁৱত বুলি জানিব পৰা গৈছে ৷ তিনিওজনে ডিমাপুৰৰ পৰা ব্ৰাউন চুগাৰখিনি লৈ আহিছিল বিক্ৰী কৰিবলৈ ৷ সেই সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী তিনিওকে আটক কৰাৰ লগতে জব্দ কৰে ব্ৰাউন চুগাৰখিনি ৷
জমিৰউদ্দিন তালুকদাৰ