হোজাইত ড্ৰাগছ সহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী…

হোজাইত ড্ৰাগছ সহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী। হোজাইৰ শিংগাড়ী বস্তি অঞ্চলত আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হয় তিনিটাকৈ ড্ৰাগছ বেপাৰী। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে দক্ষিণ বিদ্যানগৰৰ সঞ্জয় দাস, কাৰ্তিক দে আৰু উত্তৰ বিদ্যানগৰৰ প্ৰকাশ মণ্ডল।

অচি তপন মেধিৰ নেতৃত্বত চলা অভিযানত ধৃত ড্ৰাগছ বেপাৰী কেইটাৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ।

ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় এক লক্ষাধিক টকা হ’ব বুলি জানিব দিয়ে হোজাই আৰক্ষীয়ে। ইফালে ধৃত ড্ৰাগছ বেপাৰীয়েও স্বীকাৰ কৰিছে ড্ৰাগছ বিক্ৰীৰ বাবে অনাৰ কথা।

Related Articles