Breaking

শিৱসাগৰৰ ৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ

0 1,086

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসমীয়া মাধ্যমৰ বিদ্যালয়তো আনন্দ উল্লাহ।ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিলে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ফলাফল।

ছাত্ৰ-ছাত্ৰীসকলে ১৬ টাকৈ ৱেবছাইট যোগে লাভ কৰিছে পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত শিৱসাগৰ জিলাৰ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিলে । পুৱাৰে পৰা শিৱসাগৰত আনন্দ উচাহ।উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা ফলাফলে আনন্দ কঢ়িয়াই আনিলে শিৱসাগৰলৈ। শিৱসাগৰৰ চিনিয়ৰ ছেকেণ্ডাৰী (শিৱসাগৰ জুনিয়ৰ কলেজ) পঞ্চম স্থান প্ৰথম আগৰৱাল আৰু সপ্তম স্থান বন্দনা বলদাৱা লাভ কৰে।

শিৱসাগৰ শলগুৰি উচ্চতৰ মাধ্যমিকৰ ছাত্রী দেৱীশ্ৰুতি হাজৰিকা দশম স্থান লাভেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ জিলাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰা আন এগৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰিছে।

প্ৰেৰক ফাৰহান লস্কৰ, জয়সাগৰ

Leave A Reply