Breaking

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী

0 3,599

শিৱসাগৰৰ নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন । পাঠদান হৈ থকাৰ সময়তে হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, ৰোগীৰ বাবে চিকিৎসালয়ত বিচনাৰ অভাৱ ।

ৰাজ্যত শাসকীয় চৰকাৰখনে উন্নয়ন আৰু বিকাশৰ মাজেৰে আগুৱাই গৈছে । তাৰ মাজতে চিকিৎসা বিভাগৰ নমুনা চাওক । চৰকাৰ তথা চিকিৎসা বিভাগে চিকিৎসালয়ত ৰোগীৰ বাবে যাৱতীয় ভাৱে বিচনা যোগান ধৰিব নোৱাৰাত হাহাকাৰ লাগিছে ৰোগী আৰু ৰাইজৰ মাজত ।

ঠিক তেনে এক বাস্তৱ ঘটনা সংঘটিত হৈছে স্থান নাজিৰা । নাজিৰাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান হৈ থকাৰ সময়তেই হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী । বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ তিনিগৰাকীকৈ ছাত্ৰী ক্ৰমে জেচমিন বেগম, চুমচুমি গগৈ আৰু চুলতানা আহমেদ বুলি জানিব পৰা গৈছে ।

ততাতোয়াকৈ ছাত্ৰী কেইগৰাকীক নাজিৰা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়খনত বিচনাৰ অভাৱত পকা মজিয়াত এগৰাকী ছাত্ৰী চটফটাই থকা দেখা পোৱা গ’ল । নাজিৰা মহকুমা চিকিৎসালয়ত বিচনাৰ বিপৰীতে অক্সিজেনৰো অভাৱ এই গুৰুত্বৰ অভিযোগ আনিছে বিদ্যালয়ৰখনৰ এগৰাকী শিক্ষয়িত্ৰীয়ে ।

যাৰ বাবে তিনিগৰাকী ছাত্ৰীয়ে উন্নত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হ’ব লগা হ’ল । অৱশেষত ছাত্ৰী কেইগৰাকীক জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

Leave A Reply