Breaking

নাজিৰা মইনাটিঙত বৃহৎ পৰিমাণৰ সন্দেহজনক ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক…

0 42

শিৱসাগৰৰ নাজিৰা মইনাটিঙত সন্দেহজনক ড্ৰাগছ জব্দ। লগতে তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ নাজিৰা আৰক্ষীৰ। ধৃত সৰবৰাহকাৰী কেইটা ক্ৰমে আফুং কন্যাক, ইমৰাণ আলি আৰু সঞ্জীৱ কুৰ্মী বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা অসমলৈ সন্দেহজনক ড্ৰাগছ সৰবৰাহ কৰি অহাৰ অভিযোগ আটকাধীন নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী কেইটাই।

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস আৰু গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কোঁৱৰৰ বিশেষ অভিযানত গ্ৰেপ্তাৰ হয় এই সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰী কেইটা । ইতিমধ্যে তিনি অভিযুক্তকে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাব।

Leave A Reply