২০২০ চনৰ ১৫ জুনত সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকা তিনিজন অভিযুক্তক আটক। বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীৰ জালত পৰিছে তিনি অভিযুক্ত । ধৃত তিনি অভিযুক্ত ক্ৰমে সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়াৰ পশ্চিম পাৰাৰ আৰফান খান, চুৰফান খান আৰু ৰৌছান খান বুলি জানিব পৰা গৈছে। গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসে অভিযান চলাই মংগলবাৰে পুৱতি নিশা আটক কৰে ধৃত অভিযুক্ত তিনিটাক। উল্লেখ্য যে ২০২০ চনৰ ১৫ জুনত মাজদিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ট্ৰাক হাইজেক কাণ্ড । দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল ধৃত ট্ৰাক হাইজেকত অভিযুক্ত তিনিওজন। গুৱাহাটীৰ পৰা অহা মালভৰ্তি এ এচ ০১- এইচ চি- ৪০৯০ (AS01-HC- 4090)নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল দুৰ্বত্তৰ দলে। ২০২০ চনৰ ১৫ জুনত মাজদিয়া আৰক্ষীয়ে মাজদিয়াত উদ্ধাৰ কৰিছিল হাইজেক হোৱা ট্ৰাকখন। ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকাৰ অভিযোগত ইয়াৰ পূৰ্বে ৬ গৰাকী দুৰ্বত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে জে’ললৈ প্ৰেৰণ কৰিছিল। পূৰ্বতে গ্ৰেপ্তাৰ হোৱা দুৰ্বত্ত ৬টা ক্ৰমে হাইজেক কাণ্ডটোৰ মূল মাষ্টৰমাইণ্ড আলতাফ খান, ট্ৰাকখনৰ চালক চহিদুল ইছলাম, আমজাদ আলী, জাকিৰ আলী, ফুলচান খান আৰু ৰশ্মিল আলী। ট্ৰাক হাইজেক কাণ্ডটোৰ লগত জৰিত থকাৰ অভিযোগত বৰ্তমানলৈ ৯ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাজদিয়া আৰক্ষীয়ে। সৰ্থেবাৰী থানাত ২০৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ৩৯৫ ধাৰাত ট্ৰাক হাইজেক সন্দৰ্ভত গোচৰ ৰুজু হৈছিল।

