নাজিৰাত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি বিৰোধী পদক্ষেপক বুঢ়া আঙুলি

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অব্যাহত থকা দূৰ্নীতি বিৰোধী অভিযানকো কেৰেপ নকৰি তথা মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই একাংশ চৰকাৰী বিভাগৰ বিষয়া – কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি অবাধ দূৰ্নীতি – অনিয়মৰ জৰিয়তে লুণ্ঠন ৰাজ অব্যাহত ৰাখিছে । শেহতীয়াকৈ  ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ অধীনস্থ তথা নাজিৰা মহকুমাৰ অন‍্যতম গুৰুত্বপূৰ্ণ  ঐতিহাসিক মাদুৰি গোহাঁই আলি নিৰ্মাণত ব‍্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি ইয়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে স্থানীয় ৰাইজ । লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্ম‌চাৰীৰ চুড়ান্ত অৱহেলা,  অমনোযোগিতাত  ঠিকাদাৰ পক্ষই নিজ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাত পথটো নিৰ্মাণ কালতেই ফাট মেলাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন । বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই  ঠিকাদাৰে  এনেদৰে অনিযমৰ মাজেৰে চলাই যোৱা   পথটোৰ নিৰ্মাণ কাৰ্য্য আজি স্থানীয় ৰাইজে বন্ধ কৰি দিবলৈ বাধ‍্য হয় ।  স্থানীয় ৰাইজ তথা দল সংগঠনে কৰা অভিযোগ অনুসৰি  স্থানীয় ৰাইজৰ দীৰ্ঘ দিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত  নাজিৰা নগৰৰ বৰতলাৰ পৰা মেছাগড় তিনিআলি সংযোগী এই পথটো দুটা খণ্ডত বিভক্ত কৰি লোক নিৰ্মাণ বিভাগে বিভাগীয় ঠিকাদাৰৰ দ্বাৰা পুণৰ নিৰ্মাণ কাৰ্য্য   চলায় ।   ইয়াৰে মাদুৰি চাৰিআলি সমীপৰ পৰা মেছাগড়  তিনিআলি পৰ্য্যন্ত অংশটো  পেভাৰ ব্লকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে যদিও পথটো আৰম্ভণিৰে পৰাই অনিয়ম  আৰু  অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য্য চলাই আহিছে । বিগত ৰ্বষৰ অক্টোবৰ মাহতেই আৰম্ভ কৰা  পথটোৰ প্ৰায় ৪ কি: মি: অংশ আজি এবছৰেও নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাতো চৰম আশ্বৰ্য্যকৰ। তদুপৰি পথটো নিৰ্মাণতো ব‍্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । পথটো পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ পুৰ্বে যাৱতীয় নীতি নিয়মেৰে  ‘ ডব্লিউ বি এম ‘প্ৰস্তুতি সম্পূৰ্ণ নকৰাৰ  উপৰি নিৰ্মাণ কাৰ্য্যত  নিম্মমানদণ্ডৰ পেভাৰ ব্লক ব‍্যৱহাৰ কৰা, পথৰ দুয়ো কাষৰ সুৰক্ষামুলক কংক্ৰিটৰ গঠঁনীৰ আকাৰ ১২’/৮ ‘ পৰিবৰ্তে  ঠাই বিশেষে  ৮’/৬’ , ৮’ / ৫’  কৰাত পথটো ফাট মেলাৰ লগতে বহু ব্লক ভাগি যোৱা পৰিলক্ষিত হৈছে । ইফালে পথটোৰ নিৰ্মাণৰ সময়ছোৱাত বিভাগীয় কৰ্মচাৰী নিয়মীয়াকৈ উপস্থিত থকাৰ উপৰি বিভাগীয় অভিযন্তাই সময় সাপেক্ষে পৰ্য্যবেশন কৰিব লাগে যদিও আজি পৰ্য্যন্ত বিভাগীয় কোনো বিষয়া কৰ্মচাৰী উপস্থিত নথকা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে । এনে এক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি  ঠিকাদাৰ পক্ষই নিজ খুচিমতে অনিয়মৰ মাজেৰে  পথৰ নিৰ্মাণ কাৰ্য্য চলাই যোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু এনে অনিয়মৰে চলোৱা নিৰ্মাণ বন্ধ কৰি দিয়ে । ইফালে ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়াৰ পিছত আজি পথ নিৰ্মাণ স্থলীত উপস্থিত হয় ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ  এক বিষয়া – কৰ্মচাৰী দল। স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতৃবৰ্গ‌ই  বিভাগীয় দলটোক পথ নিৰ্মাণৰ অনিয়ম আঙুলিয়াই পথটো আঁচনি অনুসৰি নিৰ্মাণ কৰাৰ দাবী জনায় । সেই মৰ্মে বিভাগীয় বিষয়াই লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ইতিমধ্যে ক্ৰুতিপুৰ্ণ ভাবে নিৰ্মাণ কৰা অংশ পুণৰ নিৰ্মাণৰ ব‍্যৱস্থা গ্ৰহণ কৰাৰ লগতে পথটোৰ বাকী অংশ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ দিয়ে । 

Related Articles