Breaking

সন্ত্ৰাসবাদীৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ অযোধ্যা, বাৰাণসী আৰু মথুৰাৰ দৰে হিন্দু ধৰ্মীয় স্থানত কটকটীয়া নিৰাপত্তা…

0 50

সন্ত্ৰাসৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ অযোধ্যা, বাৰাণসী আৰু মথুৰাৰ দৰে হিন্দু ধৰ্মীয় স্থানত কটকটীয়া নিৰাপত্তা। উত্তৰ প্ৰদেশৰ ধৰ্মীয় স্থানসমূহৰ নিৰাপত্তা আৰু অধিক শক্তিশালী কৰা হৈছে। সন্ত্ৰাসবাদী ভাবুকিৰ আশংকা প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত লয়। ৰাম জন্মভূমি কমপ্লেক্সত দুটা নতুন তদন্তকাৰী দল নিয়োগ কৰাৰ প্ৰস্তুতি চলি আছে। উত্তৰ প্ৰদেশৰ অযোধ্যা, বাৰাণসী আৰু মথুৰা আদি হিন্দু ধৰ্মীয় স্থানত সন্ত্ৰাসবাদী ভাবুকিৰ আশংকা।ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হৈছে। উত্তৰ প্ৰদেশ আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, এই স্থানসমূহত বিস্ফোৰক আৰু অবাঞ্চিত সামগ্ৰী ধৰা পেলাবলৈ তদন্তকাৰী দল মোতায়েন কৰা হ’ব।

বৃহস্পতিবাৰে দহটা দলক নিজ নিজ গন্তব্যস্থানলৈ ফ্লেগ অফ কৰা হয়। তেওঁ কয়, ধৰ্মীয় স্থানত চাৰিটা দল মোতায়েন কৰিব লাগিব। লক্ষ্ণৌ, প্ৰয়াগৰাজ, গোৰখপুৰ, মোৰাদাবাদ, আগ্ৰা আৰু ঝান্সীৰ চৰকাৰী ৰে’ল আৰক্ষী সংমণ্ডলত আন ছয়গৰাকীক নিযুক্তি দিয়া হ’ব। শেহতীয়াকৈ ৰাজ্যিক নিৰাপত্তা মুখ্য কাৰ্যালয়ৰ অস্ত্ৰভাণ্ডাৰত বোমা ডিটেকচন এণ্ড ডিচপ’জেল স্কোয়াড (বিডিডিএছ) আৰু এণ্টি-চেবটেজ ডিটেকচন টিম সংযোজন কৰা হৈছে।

তাৎপৰ্যপূৰ্ণভাৱে সন্ত্ৰাসবাদীৰ লক্ষ্যত ডাঙৰ ডাঙৰ ধৰ্মীয় স্থানৰ উপস্থিতিৰ বাবে ৰাজ্যৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে। যোৱা কেইমাহমানৰ ভিতৰত ৰাজ্যৰ আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাবেই আৰক্ষী ইতিমধ্যে সজাগ হৈ পৰিছে।

Leave A Reply