Breaking

টিংৰাই গাওঁ পঞ্চায়তে তিনি নম্বৰ ৱাৰ্ডত উন্নয়নৰ দিশত অৱহেলিত কৰা অভিযোগ

0 2,044

সম উন্নয়ন আৰু সম বিকাশৰ কথা কোৱা চৰকাৰৰ দিনত প্ৰকৃততে সকলো প্ৰান্তততে সমানে উন্নয়ন হৈছে নে? চৰকাৰৰ পঞ্চায়তিৰাজ ব্যৱস্থাৰৰ জড়িয়তে গাওঁৰ এলেকা জনসাধাৰণক সাঙৰি গাওঁ সমূহৰ সমস্যা সামাধান কৰি তুলিব লাগে যদিও সকলো পঞ্চায়তত সকলো প্ৰান্তৰত সম উন্নয়ন নোহোৱা উভিযোগ উত্থাপন হৈছে ৷ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিয়ে একোটা পঞ্চায়তৰ সকলো ৱাৰ্ডতে সমানে গুৰুত্ব নিদিয়া বিভিন্ন অভিযোগ তুলি ৱাৰ্ড সদস্যাই প্ৰতিবাদী ৰাইজক লগত লৈ ৱাৰ্ডৰ পৰা পঞ্চায়ত লৈ সমদলে কাৰ্যালয় ঘেৰাও কৰি সভাপতিক  লিখিত অভিযোগ দাখিল কৰিছে ৷ আৰু এই ঘটনা সংঘটিত হৈছে ডিগবৈ সমষ্টিৰ অন্তৰ্গত টিংৰাই গাও পঞ্চায়তত ৷ ৰাইজৰ সহযোগত পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি সভাপতিক দিয়া বিভিন্ন অভিযোগৰ তথ্য সময় মতে লাভ নকৰাত পুনৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে একেটা দলৰে নিৰ্বাচিত ৱাৰ্ড সদস্যাই আৰু ৰাইজে ৷ উল্লেখ যে বিজেপি দলৰে নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত টিংৰাই গাওঁ পঞ্চায়তৰ তিনি নম্বৰ ৱাৰ্ডৰ নিৰ্বাচিত সদস্যা গৰাকীক এলাগি কৰি সম গুৰুত্ব নিদিয়া উভিযোগ তুলি শতাধিক ৰাইজে ইতিমধ্যে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি লিখিত অভিযোগ প্ৰদান কৰি সপ্তাহ দিনৰ ভিতৰত তথ্য বিচাৰি দাবি কৰিছিল ৷ কিন্তু সেই অভিযোগৰ তথ্য লাভ নকৰাত পুনৰ সভাপতি বিৰুধে প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৱাৰ্ড সদস্যা স্বাক্ষৰিত স্মাৰক পত্ৰ উল্লেখ কৰা অনুসৰি পঞ্চায়ত খনৰ যোগেদি বিগত দুটা বছৰত তিনি নম্বৰ ৱাৰ্ড কি কি কাম কৰা হৈছে, কিমান ধন আৱণ্টন হৈছে তাৰ খতিয়ান ৰাইজক জনাব লাগে ৷ চতুদশ বিত্তীয় আয়োগৰ অধিনত তিনি নম্বৰ ৱাৰ্ডত কি কি আচনি ৰূপায়ন কৰিলে আৰু সেই আচনিৰ বাবে নিৰ্মান সমিতি গঠনৰ সভাপতি সম্পাদকৰ প্ৰকৃত তথ্য প্ৰকাশ কৰা, এমজিএৰেগা অধীনত ৱাৰ্ডত কিমান আচনি অন্তভূক্ত হল সেই আচনি ৰূপায়নত ৱাৰ্ড সমিতি অৱগত হয় নে নহয় তাৰ তথ্য, ৱাৰ্ড পৰিচালনা সমিতিৰ গঠনৰ তথ্য প্ৰদান কৰা, পঞ্চদশ বিত্তীয় আচনিৰ অধিনত ৱাৰ্ডত কি কি কাম ৰূপায়ন কৰিব সেই তথ্য, আচনি অধিনত তিনি নম্বৰ ৱাৰ্ডত ৰূপায়ন হবলগীয়া কাম কাজ সমূহ ৱাৰ্ড সদস্যা আৰু ৰাইজৰ পৰামৰ্শ অনুসৰি নিৰ্মান কৰা লগতে সদস্যাক নিৰিক্ষণ কৰিবলৈ অধিকাৰ প্ৰদান কৰা, বৰ্তমান  ৱাৰ্ডক সাঙুৰি হবলগীয়া “আৰ্দশ গাও” নিৰ্মানৰ বাবে গঠন হোৱা পৰিচালনা সমিতিৰ তথ্য প্ৰদান কৰা, পঞ্চায়ত খনৰ আন আন ৱাৰ্ডত কিমান কিমান পুঁজি আৱণ্টন ধৰিছে আদি বিভিন্ন অভিযোগ তুলি এখন এঘাৰ দফিয়া স্মাৰক পত্ৰ প্ৰদান কৰিছিল কিন্তু সেই পত্ৰৰ নিদিষ্ট সময়ত তথ্য লাভ নকৰাত পুনৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে ৱাৰ্ডৰ ৰাইজে ৷ উল্লেখ যে ৱাৰ্ড সদস্যা গৰাকীক অৱগত নকৰাকৈ পঞ্চায়ত সভাপতিয়ে তিনি নম্বৰ ৱাৰ্ডত কৰা আচনি সমূহত সন্তোষ্ট নহয় স্থানীয় ৰাইজ ৷ সেইয়ে ইতিমধ্যে ৰাজহুৱা সভাৰ জড়িয়তে ৱাৰ্ডৰ ৰাইজে এখন পাঁচ জনীয়া সদস্যৰে সমিতি গঠন কৰি পঞ্চায়তৰ সৈতে যোগাযোগ কৰি ৱাৰ্ডত হবলগীয়া আচনি সমূহ তদাৰক কৰিবলৈ সিদ্ধাম্ত কৰিবলৈ বাধ্য হৈছে ৷ ইতিমধ্যে ৰাজহুৱা সভাৰ দাবি সমূহৰ তথ্য বিচাৰি যোৱা ১২ ফেব্ৰুৱাৰিত পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰি শতাধিক ৰাইজে প্ৰদান কৰা স্মাৰক পত্ৰৰ সপ্তাহ দিন উকলি যোৱাৰ পিছতো কোনো সহাৰি লাভ নকৰাত ৰাইজে পুনৰ আন্দোলন কৰা সিন্ধান্ত লৈছে ৷ জানিব পৰা মতে বিজেপি দলৰে সভাপতি গৰাকীয়ে তিনি নম্বৰ ৱাৰ্ডৰ সদস্যা গৰাকীক তিলমানো গুৰুত্ব দিনিয়াত ৱাৰ্ডৰ ৰাইজ এনেদৰে প্ৰতিবাদী মুখৰ হৈ পৰিছে ৷

Leave A Reply