কাকপথাৰ: Tinsukia । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তিনিচুকীয়া জিলাৰ বৈঠকখন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু কাকপথাৰ শাখা সমিতিৰ সহযোগ ও আতিথ্যত কাকপথাৰ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয়।

উক্ত সভাত পৌৰহিত্য কৰে জিলাৰ সভানেত্ৰী শ্ৰীযুতা মীনা বৰুৱাই। সভাত উপস্হিত থাকে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী শ্ৰীযুতা কিৰণময়ী হাজৰিকা, জিলাৰ উপদেষ্টা ৰহিলা চাংমাই, জিলাৰ উপ-সভানেত্ৰী তৃপ্তি দাস, অল্পনা দলৈ ভূঞা, সহকাৰী সম্পাদিকা মনমী মহন্ত, কোষাধ্যক্ষা সূৰ্য্য গগৈ লাহন, সাহিত্য সম্পাদিকা দীপা দত্ত ভাজনী, প্ৰচাৰ সম্পাদিকা অৰুণা চাংমাই, সদস্যা কাকপথাৰ শাখাৰ সভানেত্ৰী জোনামণি কলিতা দত্ত, সম্পাদিকা মিতালী বুঢ়াগোহাঁই, ডুমডুমা শাখাৰ সভানেত্ৰী দিব্যলতা ডেকা তথা বিভিন্ন শাখাৰ জিলাৰ সদস্যা সকল।
কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি ৰাতুল কলিতা, সম্পাদক ইন্দ্ৰজিৎ গগৈ, প্ৰচাৰ সম্পাদক হৃষিকেশ দত্ত, কাকপথাৰ শাখাৰ উপদেষ্টা হেমপ্ৰভা মৰাণ, পূণ্য বৰুৱা খনিকৰ, বীণা বৰকটকী, তুলিকা বৰা, ক্ষীৰদা সোণোৱাল, কোষাধ্যক্ষা পল্লৱী বড়া, সহকাৰী সম্পাদিকা নিৰু গগৈ, তৰু জ্যোতি দত্ত, সদস্যা বিদ্যাৱতী সোনোৱাল,প্ৰিন্স মণি ভূঞা, ৰুবি চলিহা, দীপা চুতীয়া, মালা ডেকা, ৰেখা হাজৰিকা, ভানু বৰুৱা বড়া, অঞ্জনা বড়াকে ধৰি সকলো সদস্যা।

সভাত আঁতধৰে সহকাৰী সম্পাদিকা মনমী মহন্তই। জিলাৰ উপ-সভানেত্ৰী তৃপ্তি দাসে “সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু ৰূপান্তৰিত সমাজ” সন্দৰ্ভত আলোচনাৰ আলোকপাত কৰে।
জিলাৰ মূখপত্ৰ “আল্পনা”ৰ সন্দৰ্ভত আভাস দাঙি ধৰে সাহিত্য সম্পাদিকা দীপা দত্ত ভাজনীয়ে। শিশু শিল্পী কস্তুৰী ভূঞাৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ প্ৰাক্ মুহূৰ্তত “চিৰ চেনেহী মোৰ ভাষা জননী” গীতটো পৰিবেশন কৰে সকলো সদস্যাই।বৰগীতত খোল সংগত কৰে শিশুশিল্পী পল্লৱী ভূঞাই।
সভাত শিশুশিল্পী প্ৰজ্ঞা স্নেহা শইকীয়া, আৰু হিমপৰ্ণা বড়াই দ্বৈতভাৱে কৱিতা আবৃত্তি কৰাৰ ওপৰিও হেমপ্ৰভা মৰাণ, বীণা বৰকটকী, জোনামণি কলিতা দত্ত, তিলোত্তমা চেতিয়া, প্ৰিন্স মণি ভূঞাই কবিতা আবৃত্তি কৰাৰ লগতে ব্যঙ্গ কবিতাত অভিনয় কৰে নিৰু গগৈ আৰু বিদ্যাৱতী সোনোৱালে। শেষত জিলাৰ সহকাৰী সম্পাদিকা মনমী মহন্তই শলাগৰ শৰাই আগবঢ়োৱাৰ পিছতে অসম সঙ্গীতেৰে সভাৰ সামৰণি পৰে।