Breaking

তিনিচুকীয়া জিলা বক্সিং সংস্থাৰ সভাপতি আজিম খানক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

0 42

‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ক চিৰঞ্জীৱী কৰি ৰখা বাবে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’য়ে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে The Assam Rising’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’ আৰু ‘মোবাইলে মোবাইলে DB NEWS’ এক যাত্ৰাৰ অংশ হিচাপে মঙলবাৰে মাৰ্ঘেৰিটাৰ আজিম খানক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজিম খান তিনিচুকীয়া জিলা বক্সিং সংস্থাৰ সভাপতি উপৰিও ৰাষ্ট্ৰীয় বস্কিংৰ বিচাৰক আৰু পৰিচালক। মঙলবাৰে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ হৈ মাৰ্ঘেৰিটাৰ স্থানীয় সংবাদ দাতা বিকাশ বৰুৱাই তেখেতক এখনি ফুলাম গামোচা, এখনি সম্বৰ্ধনা পত্ৰ আৰু ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তিনিখন ছপা কাকত ক্ৰমে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আসাম ৰাইজিং’ আৰু ‘আলোকপ্ৰভঞ্জন’ৰ এটাকৈ প্ৰকাশিত কাকত প্ৰদান কৰে।

খানে যুৱ প্ৰজন্মক সংবাদ পত্ৰৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ ছপা মাধ্যম সমূহে গ্ৰহণ কৰিব লগীয়া পদক্ষেপ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰে।উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকি মাৰ্ঘেৰিটাৰ এগৰাকী অন্যতম যুৱ সাংবাদিক অভিজিত কাকতিয়ে ৰাজ্যৰ ছপা মাধ্যমসমূহে ল’ব লগা পদক্ষেপ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে।

তেখেতে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ক আগন্তুক সময়ত নৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰা বিভিন্ন শিতান ৰাখিবৰ বাবে আহ্বান জনায়।

-বিকাশ বৰুৱা, মাৰ্ঘেৰিটা

Leave A Reply