Titabar News: তিতাবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা

তিতাবৰত (Titabar News) প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ‘শকুনিৰ প্ৰতিশোধ’ ভাওনাৰ আয়োজন। ২২ নৱেম্বৰৰ সন্ধ্যা ৮ বজাৰ পৰা তিতাবৰৰ ভগনীয়া গাঁৱৰ উদীয়মান যুৱ সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা। পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গ আৰু সন্ধ্যা বন্তি প্ৰজ্বলন, নাম-প্ৰসঙ্গ আৰু স্থানীয় শিল্পীৰ দ্বাৰা প্ৰদৰ্শন হ’ব গায়ন-বায়ন।

অসমবাসীৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত শনিবাৰে তিতাবৰৰ ভগনীয়া গাঁৱৰ সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অগ্ৰণী অনুষ্ঠান উদীয়মান যুৱ সংঘৰ উদ্যোগত প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উদীয়মান যুৱ সংঘৰ সদস্যমণ্ডলীৰ দ্বাৰা সংঘৰ কাৰ্যালয় প্ৰাঙ্গনত প্ৰদৰ্শন কৰিব লগা অনুষ্ঠানৰ পুৱা আসন প্ৰতিষ্ঠা, গুৰু ঘাট, পতাকা উত্তোলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন, গছপুলি ৰোপণ, দুপৰীয়া নাম-প্ৰসঙ্গৰ পিছত সন্ধ্যা গায়ন-বায়ন প্ৰদৰ্শন আৰু ৰাতি ৮ বজাৰ পৰা প্ৰদৰ্শন হ’ব ‘শকুনিৰ প্ৰতিশোধ’ ভাওনা।

উল্লেখ্য যে, ভাওনা প্ৰদৰ্শনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, সমাজকৰ্মী হৰেণ চুতীয়া, শিল্পী ত্ৰিলোক বৰা আদি বিশিষ্ট ব্যক্তি। উদ্যোক্তাসকলে সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Related Articles