বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱেন দত্তৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ তেওঁৰ বস্ত্ৰসমূহ শ্মশানৰ‌ পৰা সংগ্ৰহ কৰিলে সাহিত্যিক ইছমাইল হোছেইনে…

বিশিষ্ট শিক্ষাবিদ, সক্ৰিয় ৰাজহুৱাকৰ্মী দেৱেন দত্ত আৰু নাই ৷ বৃহস্পতিবাৰে নিশা ১২:১০ বজাত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ-অধ্যাপকগৰাকীৰ ৷ অসমীয়াই হেৰুৱালে ভাষা জাতি সমাজৰ বাবে নিঃস্বাৰ্থভাৱে মাত মতা এগৰাকী অভিভাৱক ৷

বিশিষ্ট শিক্ষাবিদ, সক্ৰিয় ৰাজহুৱাকৰ্মী দেৱেন দত্ত আৰু নাই ৷ বৃহস্পতিবাৰে নিশা ১২:১০ বজাত দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষ-অধ্যাপকগৰাকীৰ ৷ঐতিহ্যমণ্ডিত কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সকলোকে সঁচাকৈ মৰ্মাহত কৰিছে। তেখেতে বিদ্যায়তনিক দিশৰ উপৰিও অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদায়েই দৃঢ়তাৰে মাত মাতি আহিছিল অধ্যাপক দত্তই।


সাহিত্যিক ইছমাইল হোছেইনে দেবেন দত্তৰ মৃত্যুৰ পিছত স্মৃতি হিচাপে সংৰক্ষণ কৰিলে তেওঁৰ বস্ত্ৰ সমূহ আৰু ফেচবুকত পোষ্ট কৰিলে এইদৰে –

দত্ত ছাৰৰ স্মৃতি সংৰক্ষণ কৰিলোঁঃ

******************************

শ্মশান ৰক্ষকক ক’লোঁ— ব্যৱহৃত ফুলৰ মাজত থকা সেই কাপোৰখিনি কি কৰিব? তেওঁ ক’লে—অলপ পিছত জুইত জাপি দিম৷মই ক’লোঁ—“ইয়াৰ পৰা নি সংৰক্ষণ কৰিব পাৰিমনে?” তেওঁ ক’লে—“পাৰিব ছাৰ৷আপুনি হোমেন বৰগোহাঞি ছাৰৰ মৃত্যুৰ দিনাও নিছিল নহয়৷” মই আনন্দিত হ’লোঁ৷তেওঁ মোৰ মোনাত কাপোৰখিনি ভৰাই দিলে৷ঘৰলৈ আনি চাবোনেৰে ধুই শুকাই-মেলি আজি ইস্ত্ৰী কৰি মোৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰিলোঁ৷এই যে সাজকটা গলবস্ত্ৰ দুখন—দেৱেন দত্ত ছাৰে বিগত দিনবোৰত সভা-সমিতিলৈ যাওঁতে পৰিধান কৰি গৈছিল৷মোৰ সেই চিনাকী বস্ত্ৰ দুবিধ জুইত জাপি দিয়াৰ সলনি মোৰ শিক্ষাগুৰুগৰাকীলৈ শ্ৰদ্ধা জনাই সাঁচি থ’লোঁ৷কোনেও দায়-দোষ নধৰিবদেই!

Related Articles