‘দ্য কেৰেলা ষ্ট’ৰী’ত অভিনয় কৰা পিছৰে পৰা আদা শৰ্মা প্ৰায়ে চৰ্চালৈ আহে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক এক সাক্ষাৎকাৰৰ সময়ত বহুতো প্ৰশ্ন সোধা হৈছিল। এই সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰীগৰাকীৰ সৈতে হোৱা কথা-বতৰা চৰ্চালৈ আহিছে।
আনহাতে তাৰকাৰ ঘৰ কিনা-বেচা কৰাটো অনুৰাগীৰ বাবে এক ডাঙৰ খবৰতকৈ কম নহয়। বৰ্তমান আদাহ শৰ্মাৰো চৰ্চাত। আচলতে বহুদিন খবৰ ওলাই আছে যে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ঘৰ কিনিব অভিনেত্ৰী আদাহ শৰ্মাই। এই ঘৰ কিনাৰ সন্দৰ্ভত শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়েও এক সাক্ষাৎকাৰৰ সময়ত এই প্ৰশ্নসমূহৰ উত্তৰ দিছিল।
অভিনেত্ৰী আদাই কয় যে তেওঁ ছবিৰ বাবে লাইমলাইটত থাকি ভাল পায়, কিন্তু তেওঁৰ নিজৰ গোপনীয়তা ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। আদা শৰ্মাই কয় যে সুশান্ত সিং ৰাজপুতৰ এপাৰ্টমেণ্টৰ সন্দৰ্ভত অনলাইনত বহুলোকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল। তেওঁ কয় যে এই পৃথিৱীত নথকা কোনোবা এজনক লৈ আলোচনা কৰি লাভ নাই। আদাই কয়, “তেওঁ এজন অভিনেতা যাৰ প্ৰতি মোৰ বহুত সন্মান আছে। মোক ট্ৰ’ল কৰিব পাৰে কিন্তু অস্তিত্বহীন মানুহক ট্ৰ’ল নকৰিব বুলি কয় অভিনেত্ৰীগৰাকীয়ে।”

