Breaking

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! ক’ত আৰু কি পঢ়িব?

0 134

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! সুদূৰ মদিনাৰ পৰা আহিছে ইমাম মদিনা। ইমামৰ উপস্থিতি জুম্মা নামাজ পঢ়িব লাখ লাখ লোকে। ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এয়া এক সুখৰ খবৰ। মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ও জিলাৰ জুৰীয়াত আজি অৰ্থাৎ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব মদিনা শ্বৰিফৰ ইমাম চাহাবে।


সমগ্ৰ অসমৰ মুছলমান সকলক নিমন্ত্ৰণ উদ্যোক্তা সকলৰ প্ৰায় ৫ লক্ষ মানুহে একে লগে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব বুলি আশাবাদী উদ্যোক্তা সকল।

ধিং গাঁ‌ও তালিমুল কোৰয়ান হাফিজীয়া মিছন মাদ্ৰাছাৰ উদ্যোগত ২৫ ফেব্ৰুবাৰিত জুৰীয়া বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত বিশাল ঐতিহাসিক ১৯ তম দস্তৰবন্ধী ও বিশ্ব শান্তিৰ বাবে সমুহীয়া জুম্মাৰ নামাজ ,ওয়াজ মেহফিল আৰু দোৱাৰ আয়োজন কৰিছে।

উদ্যোক্তা সকলে জানিব দিয়া মতে উক্ত মেহফিলত মদিনা শ্বৰিফৰ ইমাম চাহাৱ উপস্হিত থকাৰ লগেতে উপস্হিত থাকিব বাংলাদেশৰ কেইবাজনো ইছলামিক পণ্ডিত লগতে অসমৰো কেইবাজনো ইছলামিক পণ্ডিত ।

Leave A Reply