Breaking

আজি চকলেট দিৱস। আপোনজনক উপহাৰ হিচাপে দিয়ক ডাৰ্ক চকলেট। ডাৰ্ক চকলেটে হৃদযন্ত্ৰ আৰু মনক সুস্থ কৰি ৰাখে

0 106

আজি চকলেট দিৱসৰ উপলক্ষে আপোনজনক ডাৰ্ক চকলেট দিব পাৰিব। আহকচোন ডাৰ্ক চকলেট খোৱাৰ উপকাৰিতাৰ কি কি উপকাৰীতা আছে জানেনেয? চকলেট দিৱস ভেলেণ্টাইন সপ্তাহৰ অন্যতম মৰমলগা দিন। আজিৰ দিনটোত মানুহে আপোনজনক উপহাৰ দিয়ে চকলেট। ইয়াৰ অন্যতম উত্তম বিকল্প হ’ব পাৰে ডাৰ্ক চকলেট। আজিৰ বেছিভাগ লোকে ডাৰ্ক চকলেট বহুত ভাল পায়। ডাৰ্ক চকলেটত আইৰণ, মেগনেছিয়াম আৰু জিংক আদি খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। ডাৰ্ক চকলেটত থকা ক’ক’ত ফ্লেভন’ইড নামৰ এন্টিঅক্সিডেন্টও থাকে। ডাৰ্ক চকলেট খালে কি কি উপকাৰ হয় জানক-

হতাশাৰ চিকিৎসা
ডাৰ্ক চকলেট খালে হতাশাৰ পৰাৰ মুক্তি লাভ কৰিব পৰা যায়।

হৃদৰোগ
নিয়মিতভাৱে ডাৰ্ক চকলেট খালে ব্যক্তিৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ডাৰ্ক চকলেটত থকা কিছুমান যৌগে (বিশেষকৈ ফ্লেভানল) হৃদৰোগৰ দুটা প্ৰধান বিপদজনক কাৰক (উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰল)ক প্ৰভাৱিত কৰে।


ডাৰ্ক চকলেটে ভাল এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে যাৰ অৰ্থ হ’ল ই আপোনাৰ ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবেও উপকাৰী।

ওজন কমি যোৱা
সীমিত পৰিমাণত ডাৰ্ক চকলেট খালে ওজন কমা প্ৰক্ৰিয়াত সহায়ক হ’ব পাৰে।

ডায়েবেটিছৰ চিকিৎসা
ডাৰ্ক চকলেটত পলিফিনল নামৰ প্ৰাকৃতিকভাৱে পোৱা যৌগ থাকে। ইয়াৰ এন্টিঅক্সিডেন্ট গুণ আছে যিয়ে ইনচুলিন প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ দ্বাৰা ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি।

কিমান ডাৰ্ক চকলেট খাব লাগে?
কেইবাটাও গৱেষণাৰ মতে সাধাৰণতে প্ৰতিদিনে ২০-৩০ গ্ৰাম ডাৰ্ক চকলেট খাব লাগে। ক’ক’ৰ শতকৰা হাৰ বেছি থকা ডাৰ্ক চকলেটত সাধাৰণতে চেনি কম যদিও চৰ্বি বেছি থাকে। অধিক ক’ক’ৰ অৰ্থ হ’ল অধিক ফ্লেভানলও, গতিকে ৭০ শতাংশতকৈ অধিক ক’ক’ থকা ডাৰ্ক চকলেট বাছি লোৱাটো ভাল।

Leave A Reply