আজি প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ ওপজা দিন। ৭৪ বছৰীয়া হ’ল প্ৰাক্তন ক্ৰিকেটাগৰাকী। সুনীল গাভাস্কাৰৰ জন্মদিন উপলক্ষে বিচিচিআইয়ে টুইট কৰি শুভেচ্ছা জনায়। টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰে নিজৰ কেৰিয়াৰত বহু সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯৯৮ চনৰ বিশ্বকাপ বিজয়ী দলৰ অংশও আছিল তেওঁ। গাভাস্কাৰে টিম ইণ্ডিয়াৰ হৈ বহুবাৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে। আজি তেওঁৰ ৭৪ সংখ্যক জন্মদিন। গাভাস্কাৰৰ জন্মদিনত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে বিশেষ ভাবে অভিনন্দন জনায়। টুইট কৰি ব’ৰ্ডে কিছু গুৰুত্বপূৰ্ণ অভিলেখ শ্বেয়াৰ কৰে।
— BCCI (@BCCI) July 10, 2023
World Cup-winner
233 intl. games
13,214 intl. runs
First batter to score,
runs in Tests
Here's wishing Sunil Gavaskar – former #TeamIndia Captain & batting great – a very Happy Birthday.pic.twitter.com/WmZSyuu0Lj
টিম ইণ্ডিয়াৰ হৈ এদিনীয়া ফৰ্মেটত ৩ হাজাৰৰো অধিক ৰান আৰু টেষ্টত ১০ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে গাভাস্কাৰে। ভাৰতৰ হৈ ১২৫খন টেষ্ট মেচ খেলিছে গাভাস্কৰে। এই সময়ছোৱাত তেওঁ ১০১২২ ৰান সংগ্ৰহ কৰে। টিম ইণ্ডিয়াৰ হৈ তেওঁ ৩৪টা শতক আৰু ৪৫টা অৰ্ধশতক অৰ্জন কৰিছে। ভাৰতৰ হৈ ১০৮খন এদিনীয়া খেলত ৩০৯২ ৰান সংগ্ৰহ কৰিছে গাভাস্কৰে। এই ফৰ্মেটত তেওঁ এটা শতক আৰু ২৭টা অৰ্ধশতক অৰ্জন কৰিছে। এদিনীয়া মেচত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১০৩ নট আউট। আনহাতে টেষ্টত ২৩৬ নট আউট হৈছে সৰ্বোত্তম স্ক’ৰ। প্ৰথম শ্ৰেণীৰ মেচত ২৫ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৮১টা শতিকা আৰু ১০৫টা অৰ্ধশতিকা অন্তৰ্ভুক্ত। প্ৰথম শ্ৰেণীত ট্ৰিপল শতক অৰ্জন কৰিছে গাভাস্কাৰে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৩৪০ ৰান।