আজি আন্তৰ্জাতিক শগুন সজাগতা দিৱস…

আজি আন্তৰ্জাতিক শগুন সজাগতা দিৱস। প্ৰতি বছৰে ছেপ্তেম্বৰ মাহৰ প্ৰথমটো শনিবাৰে এই দিৱস উদযাপন কৰা হয়। আমাৰ দেশত সাধাৰণতে ৬০ৰ দশকৰফালে অগনন শগুনে বসবাস কৰিছিল। ৰজা শগুন, বগাপিঠীয়া শগুন, বৰ শগুন আদিয়ে ভৰি আছিল আমাৰ গাঁওবোৰৰ চৌপাশ। সাধাৰণতে শগুনবোৰে জাকপাতি থাকে যদিও ৰজা শগুনে জাকৰ পৰিৱৰ্তে প্ৰায়ে অকলশৰে বা অন্য প্ৰজাতিৰ শগুনৰ সৈতেহে থকা দেখা যায়। পুৰণি দিনত ৰজা শগুনৰ লগত জাক জাক পাতি থকা অন্য প্ৰজাতিৰ শগুনে মৰাশৰ কাষত জুম বান্ধি থকা দৃশ্য তেনেই সুলভ আছিল। কিন্তু আজিকালি তেনে দৃশ্যটো বাদেই একেলগে ৪-৫ টা শগুন দেখাটোও দুৰ্লভ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে পুৱাৰ বাতৰি কাকত মেলিলেই আমাৰ চকুৰ সন্মুখত ভাঁহি আহে শগুনৰ মৃত্যুৰ দুৰ্ভাগ্যজনক বাতৰি।



শগুন হ্ৰাস হোৱা আৰু শগুনে সন্মুখীন হোৱা অসুবিধা বা সমস্যাসমূহ হ’ল –
ডাইক্ল’ফিনাকৰ ব্যৱহাৰঃ ডাইক্ল’ফিনাকৰ ব্যৱহাৰঃ দেখা গৈছে যে, ডাইক্ল’ফিনাক হৈছে সবাতোকৈ বেছি শগুনৰ মৃত্যুৰ কাৰণ। ১৯৮০ চনত ভাৰতবৰ্ষৰ বজাৰত পশুধনৰ বিষনাশক হিচাপে মুকলি হোৱা এই ঔষধবিধ শগুনৰ বাবে কাল হৈ পৰিছে। ইণ্টাৰনেশ্যনেল জাৰ্ণেল অব্ লাইভষ্টক ৰিচাৰ্চত ২০১৩ চনত প্ৰকাশিত এচ গাংগুলী আৰু এচ কে মুখোপাধ্যায়ৰ Population threat to vultures in India শীৰ্ষক গৱেষণাপত্ৰৰ মতে, ডাইক্ল’ফিনাকৰ বাবেই পূৰ্বতে ৯৫% শগুণৰ জনসংখ্যা হ্ৰাস পাইছে আৰু মাত্ৰ ৬০ হাজাৰ শগুনহে বাকী আছে। ডাইক্ল’ফেনাক ব্যৱহাৰৰ বিৰুদ্ধে BNHS-এ ২০০৩ চনত অভিযান আৰম্ভ কৰে আৰু ২০০৬ চনত ভাৰত চৰকাৰে ডাইক্ল’ফিনাক প্ৰস্তুত, বিপণন আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয় ।

Related Articles