Breaking

আজি মহাশিৱৰাত্ৰি, ভক্তি আৰাধনাৰে মুখৰিত শিৱমন্দিৰসমূহ…

0 32

ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়। হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ “অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা”ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালন কৰে।

কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়। কাশ্মীৰ শৈৱধৰ্মত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।

Leave A Reply