আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। প্ৰতি বছৰে ১ জুলাইত কিয় চিকিৎসক দিৱস পালন কৰা হয় জানেনে? দেশৰ সকলো চিকিৎসকৰ অৱদানৰ কথা মনত ৰাখি প্ৰতিবছৰে ১ জুলাইত ‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস’ পালন কৰা হয়। এজন ৰোগীৰ বাবে তেওঁৰ ডাক্তৰ ভগৱানতকৈও কম নহয়। কৰ’ণা যুগত আমি বুজিছিলোঁ যে আমাৰ সমাজৰ বাবে এজন ডাক্তৰ এজন যোদ্ধাতকৈ কম নহয়। ভাৰতবৰ্ষত ডাঃ বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত প্ৰতি বছৰে ১ জুলাই ‘ৰাষ্ট্ৰীয় চিকিৎসক দিৱস’ হিচাপে পালন কৰা হয়।
১৯৯১ চনত প্ৰথমবাৰৰ বাবে দেশত চিকিৎসক দিৱস উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে ১ জুলাইত ইয়াক পালন কৰা হয়। বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ বি চি ৰয়ৰ সন্মানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। বি চি ৰয় আছিল এজন স্বাধীনতা সংগ্ৰামী। ১৯৬১ চনৰ ৪ ফেব্ৰুৱাৰীত বি চি ৰয়ক ভাৰতৰত্ন বঁটা প্ৰদান কৰা হয়। যিহেতু বি চি ৰয়ৰ সন্মানত চিকিৎসক দিৱস পালন কৰা হয়, সেয়েহে বি চি ৰয়ৰ জন্ম বাৰ্ষিকীত এই বিশেষ দিৱস পালন কৰা হয়। বি চি ৰয়ৰ জন্ম হৈছিল ১৮৮২ চনৰ ১ জুলাইত। ১৯৬২ চনৰ ১ জুলাইত তেওঁৰ মৃত্যু হয়। এই ১ জুলাই দিনটোক চিকিৎসক দিৱস হিচাপে পালন কৰা হৈছিল।
প্ৰতি বছৰে চিকিৎসকগৰাকীৰ সন্মানত এই বিশেষ দিনটো উদযাপনৰ বাবে এটা থিম ৰখা হয়। এইবাৰৰ থিম কিছু বেলেগ। এই থিমৰ নাম দিয়া হৈছে চেলিব্ৰিটি ৰেজিলিয়েন্স আৰু হিলিং হেণ্ডছ। এই বিশেষ দিনটো উদযাপনৰ আঁৰৰ একমাত্ৰ কাৰণ হ’ল ৰোগীৰ জীৱন ৰক্ষাৰ বাবে দিনে নিশাই কাম কৰা দেশৰ সকলো চিকিৎসকক সন্মান জনোৱা। তেওঁলোকক ৰাইজৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰা। চিকিৎসকৰ প্ৰতি আমাৰ শ্ৰদ্ধা দেখুৱাবলৈ ইয়াৰ বাহিৰে আন কোনো বিশেষ দিন হ’ব নোৱাৰে।

