Breaking

আজি শিক্ষক দিৱস…

0 1,273

আজি শিক্ষক দিৱস। সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস। ৫ ছেপ্টেম্বৰ দিনটো হ’ল মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্র বিশ্বত দাৰ্শনিক হিচাপ প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ চহৰত জন্ম হৈছিল।

বাল্য কালৰে পৰা অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া ৰাধাকৃষ্ণনে তেওঁৰ স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খ্ৰীষ্টীয়ান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। এম.এ. পাছ কৰি দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।এই মহান দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোতে পালন কৰা হয় শিক্ষক দিৱস।

Leave A Reply