Breaking

আজি ৰাজ্যজুৰি ‘অভিৰুচি ক্ৰীড়া দিৱস ‘ উদযাপন …

0 197

অৰ্জুন বঁটাৰে সন্মানিত ৰাজ্যৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ৰাজ্যৰ ক্ৰীড়াজগতলৈ আগবঢ়োৱা অৱদানৰ জনোৱাৰ উদ্দেশ্যে আজি তেখেতৰ ওপজা দিনত আয়োজিত ‘ক্ৰীড়া পেঞ্চন দিৱস’ উদযাপন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।

আজিৰ পৱিত্ৰ দিনটোত এইগৰাকী প্ৰবাদ প্ৰতীম ক্ৰীড়াবিদলৈ আন্তৰিক শুভেচ্ছা জনাইযয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আজিৰ অনুষ্ঠানতে এককালীন সাহায্য আৰু নিয়মীয়া মাহিলী ক্ৰীড়া পেঞ্চন লাভ কৰিবলগীয়া ক্ৰীড়াবিদসকলক আন্তৰিক অভিনন্দন জনায় মুখ্যমন্ত্ৰীয়ে । লগতে বীৰ চিলাৰায় বঁটা প্ৰাপক চাৰিগৰাকী সৰ্বশ্ৰেষ্ঠ এন চি চি কেডেটলৈও অভিনন্দন আৰু শুভেচ্ছা জনায়।

চলিত বৰ্ষৰ কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰা নয়নমণি শইকীয়াক অসম ক্ৰীড়া নীতি অনুসৰি আজি ৫০ লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে অসম চৰকাৰৰ উপ-আৰক্ষী অধীক্ষকৰ পদত নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে৷ ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ সুবিধাৰ্থে চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বলি কয় মুখ্যমন্ত্ৰীয়ে ।

ৰাজ্যত কেইবাখনো অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ, খেলো ইণ্ডিয়া কেন্দ্ৰ নিৰ্মাণ, ৫২টা সমষ্টিৰ প্ৰতিটোত ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ১২ কোটিকৈ টকা, গেমছ ভিলেজ নিৰ্মাণ, উচ্চ পাৰদৰ্শিতা কেন্দ্ৰ নিৰ্মাণ, আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ আৰু থলুৱা ক্ৰীড়া সমাৰোহৰ আয়োজনকে ধৰি বিভিন্ন দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

আজিৰ অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা আৰু উৰ্খাও গৌৰা ব্ৰহ্ম, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ,আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply