Breaking

আজি ছহিদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী…

0 51

আজি ছহিদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যচৰকাৰৰ সাংস্কৃতি পৰিক্ৰমা বিভাগৰ জৰিয়তে বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত ছহিদ গৰাকীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত হয় গহপুৰ হাইস্কুল খেলপথাৰত। অংশগ্ৰহন কৰে
অসমৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰাই। পুৱা কনকলতা বৰুৱাৰ কুটীৰৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰা হয়।তাৰ পিছতে চহিদ কনকলতা বৰুৱাৰ প্ৰতিমুৰ্তিত পুষ্পাঞ্জলী অৰ্পন কৰে সকলোৱে। ১৯২৪ চনৰ ২২ ডিচেম্বৰত জন্ম লাভ কৰা কনকলতা বৰুৱাই ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহন কৰি ৪২ ৰ ২০ চেপ্তেম্বৰত বৃটিছ পুলিছৰ গুলীত প্ৰান আহুতি দিব লগা হৈছিল। গহপুৰৰ পশ্চিম দিশৰ পৰা মৃত্যু বাহিনীৰ মূল স্বেচ্ছাসেৱিকা গৰাকীয়ে আছিল কনকলতা বৰুৱা।

মূখ্যমন্ত্ৰী গৰাকীয়ে শ্বহীদ কনকলতা মুকুন্দ কাকতিৰ প্ৰতিমুৰ্ত্তীত পুষ্পাঞ্জলী অৰ্পন কৰাৰ পিছতেই ঐতিহাসিক গহপুৰ থানাখন পৰিদৰ্শন কৰে।তাৰ পিছতে মূখ্যমন্ত্ৰীয়ে গহপুৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মূল সভাত অংশ গ্ৰহন কৰে। শ্বহীদ কনকলতা বৰুৱাৰ পৰিয়ালক সভাত মূখ্যমন্ত্ৰীয়ে নিজ হাতে সম্বৰ্ধনা জ্ঞাপন কৰে।তাৰ পিছতেই কনকলতা বৰুৱাৰ ভাতৃ কালিচৰন বৰুৱাৰ “কনকলতা বৰুৱা অন্যান্য” শীষক গ্ৰন্থখনি উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে ভাষনত কয় যে কনকলতা বৰুৱাৰ বাসগৃহ চৰকাৰী ভাৱে সংৰক্ষন হ’ব। ৩০ কোটি টকা ব্যয়েৰে ছহিদগৰাকীয়ে জন্ম গ্ৰহন কৰা গাওঁ বৰঙাবাৰী অঞ্চল উন্নত কৰি তুলিব। সভাত চহিদ কনকলতা বৰুৱাৰ আৰ্দশেৰে আত্ম নিৰ্ভৰ ভাৰত,আত্ম নিৰ্ভৰ অসম গঢ়িবলৈ সকলোকে আহ্বান জনায় সকলোকে। কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ বাবে ৫০০ বিঘামাটি চৰকাৰক দিবলৈ আহ্বান জনায়।

Leave A Reply