আজি ২৫ ছেপ্টেম্বৰ। ভাৰতীয় জনতা পার্টিৰ পিতৃ স্বৰূপ স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ জন্মদিন। তেওঁৰ এই পবিত্র দিনটিত ভাৰতীয় জনতা পার্টিৰ অসম প্ৰদেশৰ ৫৬ নং দুৱাৰ ১৫১ নং বুথৰ সভানেত্রী গীতা দাস দুৱাৰৰ নেতৃত্বত সমূহীয়াকৈ পাথৰকুছিত ভাৰতীয় জনতা পার্টিৰ পিতৃ স্বৰূপ স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে। স্বৰ্গীয় দীনদয়াল উপাধ্যায়ৰ নীতি নিৰ্দেশনাক অনুসৰণ কৰি প্ৰতিবছৰে তেখেতৰ জন্মদিন উদযাপন কৰি আহিছে বুথৰ কাৰ্যকৰ্তা সকলে। এই অনুষ্ঠানৰ উপ -সভাপতি আনন্দ কোঁৱৰ দেৱে তেখেতক স্মৰণ কৰি এগছি বন্তি প্ৰজ্বলন কৰে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে।

