Breaking

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ! ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা…

0 42

৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন । লোকে লোকাৰণ্য হৈ পৰিছে অধিৱেশনস্থলী । অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা । 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় এই যাত্ৰা ।বাৰে ৰহনীয়া অসমৰ কৃষ্টি কলা প্ৰদৰ্শন কৰা হয় এই ভাগৱত শোভাযাত্ৰাত ।

৯ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশন। ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ পূৰ্ণগতিত চলিছে অধিৱেশন। ৩০ লাখ ভকত–বৈষ্ণৱ। হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে ৰঙিয়া। অধিৱেশনথলীৰ অস্থায়ী নামঘৰত প্ৰতিষ্ঠা কৰা হ’ল গুৰু আসন। হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত বৈকুণ্ঠপুৰী হৈ পৰিছে এতিয়া অধিৱেশনথলী

প্ৰায় ৫০ লাখ ভক্তৰে ৯ ফেব্ৰুৱাৰীৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ । ৭০০ বিঘা ভূমিক সামৰি শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। ৩০৮ টা চৌকাৰে সাজু ৰান্ধনীশাল, ১১০ টা শিবিৰ, একেলগে আহাৰ গ্ৰহণ কৰিছে ১০ হাজাৰ ভক্তই ।

Leave A Reply